নন ফৰেষ্ট এলেকাত থকা মূল্যৱান গছ কটা আৰু বিক্ৰীৰ বাবে ল’ব নালাগে বনবিভাগৰ অনুমতি…

ডিজিটেল ডেস্কঃ দেওবাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্তক লৈ এতিয়া ৰাজ্যৰ কেউপিনে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা নন ফৰেষ্ট এলেকাত কাটিব পাৰিব গছ। আম, জামু, কঁঠাল, চন্দন, শিমলু, অগৰ আদি গছ কটা আৰু বিক্ৰীৰ বাবে এতিয়াৰে পৰা বন বিভাগৰ কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই।

গ্ৰীণ হাউছ এফেক্ট’ চৰ্চাৰ মাজতে ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই স্বাভাৱিকতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। পূৰ্বে নন ফৰেষ্ট এলেকাত এনে গছবোৰ কাটিবৰ বাবেও বনবিভাগৰ অনুমতি লোৱাৰ এক ব্যৱস্থা আছিল। কিন্তু এতিয়াৰে পৰা তেনে কোনো ব্যৱস্থা নাথাকিব অসমত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QjkLTWc
via IFTTT

Comments