ৰাছিয়া বিৰোধী প্ৰস্তাৱত ভোটদান নকৰিলে ভাৰতে, ক’লে কূটনৈতিক কৌশল একমাত্ৰ পথ…

ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াই। ভাৰত নিৰাপত্তা পৰিষদৰ এক অস্থায়ী সদস্য আৰু চলিত সময়ছোৱাত, ভাৰতে ৰাষ্ট্ৰসংঘৰ অধ্যক্ষতা কৰি আছে। গতিকে ভাৰতৰ স্থিতি অতি গুৰুত্বপূৰ্ণ।

এই প্ৰস্তাৱত বিভিন্ন দেশে ভোট দিয়ে ,কিন্তু ভাৰত ইয়াৰ পৰা বিৰত থাকে। ভাৰতে অতি চতুৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰি নকৰিলে ভোট দান। উল্লেখ্য যে ৰাছিয়া ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু আমেৰিকাৰ লগতো ভাৰতৰ সম্পৰ্ক ভাল। এই সময়ত আমেৰিকাই বিৰোধিতা কৰিছে ৰাছিয়াৰ। গতিকে এই সময়চোৱাত ভাৰতে কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাহিৰে আন উপাই নাই।

শুকুৰবাৰে ভোটদানৰ পৰা বিৰত থাকি ভাৰতে কয় য়ে,  সকলো সদস্য দেশৰ মাজত মতভেদ আৰু বিবাদ নিষ্পত্তি কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিব লাগে।বিবাদ নিষ্পত্তি কৰাৰ বাবেই এয়াই একমাত্ৰ পথ। অৱশ্যে এই সময়ত এয়া কঠিন লাগিব পাৰে। এইটো দুখৰ বিষয় যে কূটনীতিৰ পথ ত্যাগ কৰা হৈছে। আমি সেই সমাধানৰ পথটোলৈ ঘূৰি আহিব লাগিব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমুৰ্তিয়ে কয় যে এই সকলো বোৰ কাৰণৰ বাবে ভাৰতে প্ৰস্তাৱৰ পৰা বিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ কয় যে ইউক্ৰেইনৰ বৰ্তমানৰ অৱস্থাক লৈ আমি মৰ্মাহত। আমি আবেদন জনাইছো যে হিংসা আৰু শত্ৰুতা বন্ধ কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াসে কৰিব লাগে।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ সপক্ষে ১১ টা ভোট লাভ কৰে। চীন, ভাৰত আৰু ইউএই ভোটদানৰ পৰা বিৰত থাকে। কিন্তু এই প্ৰস্তাৱ নিৰাপত্তা পৰিষদত গৃহীত কৰিব পৰা নগ’ল কিয়নো ৰাছিয়াই ভিটো(veto power) ৰ ব্যৱহাৰ কৰে,কিয়নো ৰাছিয়া ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। নিয়ম অনুসৰি ভিটো পাৱাৰ থকা এখন দেশেও যদি কোনো প্ৰস্তাৱত সন্মতি প্ৰদান নকৰে তেন্তে সি গৃহীত নহয়।  



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NIuigbf
via IFTTT

Comments