৫বছৰতকৈ কম বয়সৰ শিশুক এতিয়াৰে পৰা দিয়া নহয় কোৰোনা ভেকচিন…

ডিজিটেল ডেস্কঃ ৫বছৰতকৈ কম বয়সৰ শিশুক এতিয়াৰে পৰা দিয়া নহয় কোৰোনাৰ ভেকচিন। আমেৰিকাৰ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, Pfizer আৰু BioNTech ৰ কোৰোনা ভেকচিন ৬মাহৰ পৰা ৫বছৰৰ ভিতৰৰ লোকক প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও আগন্তুক দুমাহৰ বাবে এই সিদ্ধান্ত স্থগিত ৰখা হৈছে।
আমেৰিকাৰ Food and Drug Administration, FDAয়ে সদৰি কৰিছে যে, এই ভেকচিনৰ সন্দৰ্ভত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে। এই ভেকচিন ৫বছৰ তলৰ শিশুৰ বাবে কিমান উপকাৰী সেই সন্দৰ্ভত আৰু কিছু ডাটা কোম্পানীৰ পৰা বিচৰা হৈছে বুলিও সদৰি কৰে এফ ডি এয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WUhrsXP
via IFTTT
Comments
Post a Comment