মুকলি আকাশৰ তলতে চাংসাৰি সাপ্তাহিক বজাৰ, কামৰূপ জিলা পৰিষদলৈ সন্দেহৰ আঙুলি…

ডিজিটেল সংবাদ, চাংসাৰিঃ দেশে স্বাধীনতা লাভ কৰাৰ আগৰেপৰাই চলি থকা চাংসাৰি সাপ্তাহিক বজাৰ খন উত্তৰ কামৰূপৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ প্ৰাচীন বজাৰ।৩১নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ আৰু গুৱাহাটীৰ দাঁতি-কাষৰীয়া এই বজাৰ খনে দীৰ্ঘ কালৰ পৰাই উত্তৰ কামৰূপৰ এক বৃহৎ এলেকাৰ কৃষকৰ কৃষি উৎপাদিত সামগ্ৰী বিক্ৰী কৰাত গুৰুত্ব পুৰ্ণ ভুমিকা পালন কৰি আহিছে।

কৃষকৰ সপোন পুৰ্ণ কৰি অহা এই বজাৰখন স্থায়ী ভুমিৰ অভাৱতে একাধিকবাৰ স্থানান্তৰ হোৱা বুলি জনা যায়। পিছলৈ ৰাষ্ট্ৰীয় পথৰ দাঁতিৰে প্ৰায় সাত বিঘা মাটি বজাৰ খনক উত্তৰ গুৱাহাটী ৰাজহ চক্ৰই আবণ্টন দিয়ে। বজাৰৰ নামত আবণ্টন দিয়া এই মাটি আছিল পিটনি আৰু বজাৰ সমিতিয়ে কৃষি বিপনন পৰিষদ লগতে উন্নয়ন খণ্ডৰ আঁচনিৰে চাৰি বিঘা মান পুতি এই ঠাই আৰুপথৰ ওপৰত বজাৰ খন চলি আছে।

প্ৰতি সপ্তাহত শনি আৰু মঙ্গল বাৰে বহা বজাৰ খনত দূৰ দূৰণিৰ সাৰুপেটীয়া দলগাও, বৰপেটা,বকো আদি ঠাইৰ কৃষক আৰু কৃষি উৎপাদিত সামগ্ৰীৰ ব্যবসায়ী সকলৰ লগতে ওচৰৰ গাঁও সমুহৰ কৃষক আৰু ব্যবসায়ীয়ে ৰাতিপুৱাতে আহি উপস্থিত হয়হি।

এই অধিকাংশই ৰাষ্ট্ৰীয় ঘাইপথৰ সেৱাপথ দুটিৰ ওপৰতে মুকলি আকাশৰ তলতে পোহাৰ মেলে।প্ৰতি বছৰে কামৰূপ জিলা পৰিষদে এই বজাৰখন নিলাম দিয়ে।বছৰি কেইবা লাখ টকাত নিলাম হোৱা এই বজাৰত মহলদাৰৰ মানুহে কৰ সংগ্ৰহ কৰে।

ভালেমান দূৰ দূৰণিৰ বেপাৰীয়ে বজাৰৰ পৰা খেদি দিয়াৰ ভাবুকিৰো সম্মুখীন হৈ আহিছে ।
এঠোকা কলত দহ টকা ,এজোৰ হাহঁ বেচিলেও কৃষক জনে দিব লাগে এশ টকা,প্ৰতিজন মুকলি ঠাইৰ ব্যবসায়ীয়ে এশৰ পৰা দুশ তিনিশ টকা পৰ্যন্ত প্ৰতি বজাৰত কৰ পৰিশোধ কৰিবলগীয়া হয়। আনফালে বজাৰ খনত নাই কোনো সাধাৰণ সুবিধাও।এটুপি পানীও পাবলৈ নাই। জিলা পৰিষদ খনৰ এনে কাণ্ডত কৃষক ব্যবসায়ী আটায়ে অতীষ্ঠ হৈ পৰিছে। আৰু আন্তঃগাথঁনি নিৰ্মাণ কৰিব নোৱাৰা পৰ্যন্ত সামান্য কৰহে সংগ্ৰহ কৰাৰ দাবী জনাইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LRbkqx2
via IFTTT

Comments