নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ওপজা দিনঃ স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন…

ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজিৰ ওপজা দিন। সাংবাদিকগৰাকীৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি আজি পৰাগ কুমাৰ দাস মেম’ৰিয়েল ট্ৰাষ্টে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছ স্মাৰক বক্তৃতানুষ্ঠান। ট্ৰাষ্টৰ প্ৰথম বাৰ্ষীক স্মাৰক বক্তৃতানুষ্ঠানৰ বিষয় ‘স্বাধীনতাৰ প্ৰস্তাৱ- যুগে যুগে’।

বিশিষ্ট লেখক, সমালোচক তথা ইংৰাজী সাহিত্যৰ অধ্যাপক তিলোত্তমা মিশ্ৰই আগবঢ়াব এই স্মাকৰ বক্তৃতা। ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ২-৩০ বজাত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত হ’বলগীয়া এই বক্তৃতানুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনাইছে ট্ৰাষ্টৰ সভাপতি ড০ অপূৰ্ব কুমাৰ বৰুৱা, সম্পাদক ময়ূৰ বৰাই।

আনহাতে এই স্মাৰক বক্তৃতা অনুষ্ঠানত জুম এপৰ জৰিয়তেও অংশগ্ৰহণ কৰিব পাৰিব। জুম এপৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 83828743735 মিটিং আই ডি আৰু 710548 পাছৱৰ্ড ব্যৱহাৰ কৰিব পাৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3SH7DTX
via IFTTT

Comments