নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

ডিজিটেল সংবাদ, চেঙাঃ হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে উথপথপ হৈ পৰিছে বৰপেটা জিলাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰম। বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত চলি আছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন। সাতদিন ধৰি চলিবলগীয়া অখণ্ড একনাম কীৰ্ত্তন যোৱা ৯ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে। বিশ্বমানৱৰ কল্যাণৰ হেতু আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুই দি যোৱা বাক্য অনুসৰিয়েই প্ৰতিবছৰে সপ্তাহজোৰা অখণ্ড কৃষ্ণগুৰু একনাম কীৰ্ত্তন অনুষ্ঠিত কৰাৰ লগতে প্ৰতি ১২ বছৰৰ মূৰে মূৰে এমাহজোৰা অখণ্ড কৃষ্ণগুৰু একনাম কীৰ্ত্তন অনুষ্ঠিত কৰি অহা হৈছে। দেওবাৰ দুপৰীয়াৰ ভাগত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সুবৰ্ণকুড়ত প্ৰবেশ কৰি অখণ্ড একনাম কীৰ্ত্তনত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই কৃষ্ণগুৰু প্ৰভুৰ সমাধিত উপস্থিত হৈ গুৰুজনাক স্মৰণ কৰি মূল কীৰ্ত্তন ঘৰত প্ৰবেশ কৰে। মূল কীৰ্ত্তন ঘৰত সেৱা লোৱাৰ পিছত গুৰুগৃহত প্ৰবেশ কৰে। ইয়াৰ পিছতেই কৃষ্ণধামত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰি সেৱা লয়। ভকতসকলৰ লগত সিদ্ধ প্ৰসাদো গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত মন্তব্য প্ৰদান কৰি কয় যে- “হাজাৰ হাজাৰ ভকতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুৰুজনাৰ শ্ৰীচৰণত মূৰ দোৱাইছে আৰু বিশ্বশান্তিৰ বাবে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

আজি কৃষ্ণগুৰু সেৱাশ্ৰমে যেনেদৰে বিশ্বৰ মানৱ সমাজৰ বাবে ভক্তি ভাবেৰে সেৱা আগবঢ়াই আহিছে আৰু মানুহৰ মাজত মানৱতাৰ ভাৱনা শক্তি বৃদ্ধি কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰে আজি সমাজখনক প্ৰাণৱন্ত, সজাগ, সজীৱ আৰু সুন্দৰ কৰাৰ যিটো মানসিকতাৰে কাম কৰি আহিছে ইয়াৰ বাবে আজি সমাজখন বহু উপকৃত হৈছে আৰু উঠি অহা ছাত্ৰ-ছাত্ৰীসকল, উঠি অহা প্ৰজন্মও আধ্যাত্মিক চিন্তা-শক্তিৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ এটা সুন্দৰ পথ আজি আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে । শিক্ষা, সংস্কৃতি, ক্ৰীড়া , আধ্যাত্মিকতা এই সকলো বিলাক ক্ষেত্ৰতেই বিজ্ঞান, প্ৰযুক্তি, দক্ষতা বিকাশ, কৃষিখণ্ডৰ পৰা আৰম্ভ কৰি বনৌষধ ইত্যাদি ক্ষেত্ৰতো আজি কৃষ্ণগুৰু সেৱাশ্ৰমে সমাজখনক এইক্ষেত্ৰত অধিক সচেতন কৰি তোলাৰ মানসিকতাৰে বিভিন্ন আঁচনিৰ কাম হাতত লৈছে।

গতিকে একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত খাপ খুৱাই আজি সমাজখনক আগুৱাই নিয়াৰ যিটো মহৎ প্ৰচেষ্টা ইয়াৰ শলাগ ল’বই লাগিব। গুৰুজনাৰ আদৰ্শেৰে ভৱিষ্যতৰ দিনত যাতে ভাৰতবৰ্ষৰ জনগণক, অসমৰ জনগণক সেৱা কৰি যাব পাৰোঁ তাৰ বাবে গুৰুজনাৰ শ্ৰীচৰণত মূৰ দোৱাইছোঁ, ভকতসকলৰ শ্ৰীচৰণত মূৰ দোৱাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ” দেওবাৰৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বিশিষ্ট আইনজীৱী শান্তনু ভঁৰালী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নৱ দলে। দেওবাৰে হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয় কৃষ্ণগুৰু সেৱাশ্ৰমত।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুনাচল, দিল্লী, মেঘালয়, প্ৰয়াগৰাজ হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰাও অসংখ্য ভকত অহা বুলি জানিবলৈ দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে। আৰম্ভণিতে তিনি কঠা মাটিত স্থাপন কৰা কৃষ্ণগুৰু সেৱাশ্ৰমখনৰ বৰ্তমান পৰিসৰ প্ৰায় তিনিশ বিঘা মাটি। কৃষ্ণগুৰু প্ৰভুৰ মহাপ্ৰয়াণৰ পিছতেই গুৰুভাৰ গ্ৰহণ কৰা গুৰুপুত্ৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে সেৱাশ্ৰমৰ আন্তঃগাঁঠনিৰ লগতে কল্যাণমূলক কাম-কাজত অধিক গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে। বৰ্তমান কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণধাম, বিশাল কীৰ্ত্তন ঘৰ, সুবৰ্ণ কুড়, গুৰুধাম, বৈকুণ্ঠধাম, কৃষ্ণগুৰু সেৱাশ্ৰমৰ শিক্ষানুষ্ঠানসমূহো কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভিতৰত অৱস্থিত বুলিও উল্লেখ কৰে ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kd8Fgls
via IFTTT

Comments