”ৰেডিঅ’ আৰু বিশ্বাস” আজি বিশ্ব অনাতাঁৰ দিৱস …

তথ্য আৰু মনোৰঞ্জনেৰে সমৃদ্ধ ৰেডিঅ’ হৈছে পুৰণি মাধ্যম।তথ্য-প্ৰযুক্তি আৰু স্মাৰ্ট ফোনৰ জয়কাৰৰ মাজতো আজিঅ ৰেডিঅ’ই হেৰুওৱা নাই মাদকতা।প্ৰায় ১১১ বছৰ পুৰণি ৰেডিঅ’ৰ ইতিহাস।ৰাষ্ট্ৰসংঘৰ মতে, ৰেডিঅ’ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।

আজি ১৩ ফেব্ৰুৱাৰী অৰ্থাত বিশ্ব ৰেডিঅ’ দিৱস। ২০১২ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই দিৱস। সমগ্ৰ বিশ্বতে বিভিন্ন বাৰ্তাৰ আদান প্ৰদান অথবা মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ ভূমিকা অপৰিসীম।

উল্লেখ্য যে, প্ৰতিবছৰে এটা বিশেষ বিষয়-বস্তু নিৰ্ধাৰণ কৰি উদযাপন কৰা হয় ৰেডিঅ’ দিৱস। বিশ্ব ৰেডিঅ’ দিৱস ২০২২ ৰ বিষয়-বস্তু হৈছে ‘‘ৰেডিঅ’ আৰু বিশ্বাস (Radio and trust)”। কিয়নো  এতিয়া ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ ওপৰত মানুহৰ বিশ্বাস ক্ৰমান্বয়ে কমি আহিছে আৰু মানুহে এতিয়াও বিশ্বাসযোগ্য ৰেডিঅ বুলিয়েই ভাৱে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/g1R5ECp
via IFTTT

Comments