শুকুৰবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনঃ আজিৰে পৰা আৰম্ভ বাণিজ্য আৰু গ্ৰন্থমেলা…

ডিজিটেল ডেস্কঃ ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। নাহৰকটীয়াত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাণিজ্য আৰু গ্ৰন্থ মেলা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে অধিৱেশনস্থলীলৈ আগমণ ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকত, বৈষ্ণৱৰ। ৰাজ্যৰ ৫০ টাকৈ সৰু-বৰ, জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ মিলনভূমিলৈ পৰিণত হ’ব এই অধিৱেশনস্থলী।

ইতিমধ্যে অধিৱেশনস্থলীত উপস্থিত হৈছে সেৱা বাহিনীৰ সেৱকসকল। গোটেই অধিৱেশনখন পৰিচালনা কৰাৰ লগতে ভকত-বৈষ্ণৱসকলক আপ্যায়ন কৰাৰ পৰা সকলো ধৰণৰ সহায়, সহযোগিতা আগবঢ়াব এই সেৱা বাহিনীৰ সেৱকসকলেই। আনহাতে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোকে আহ্বান জনাইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gNRukOF
via IFTTT

Comments