বেবেজীয়াত তিৱা পিচু উৎসৱঃ খাতগুৰি পথাৰত তিৱা নৃত্য গীতেৰে উজলি উঠিল সমগ্ৰ অঞ্চল…

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ জিলাৰ বেবেজীয়াত আজি তিৱা পিচু উৎসৱত তিৱা নৃত্য গীতেৰে উজলি উঠিল সমগ্ৰ অঞ্চল। বেবেজীয়া জনজাতী জ্ঞানজ্যোতি সংঘ আৰু পুথিভঁৰাল উদ্যোগত খাতগুৰি গাৱৰ ৰাইজৰ সহযোগত বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিছফালে থকা খাতগুৰি পথাৰত পুৱা ৮ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সোনধৰ বৰদলৈয়ে। বন্তি প্ৰজ্বলন কৰে বুদ্ধেশ্বৰ বৰদলৈ।
তাৰ পিছতে ডেকাচাং উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যা বিশ্বজ্যোতি পাটৰে। তাৰ পিছত আমন্ত্ৰিত শিল্পীসকলৰ তিৱা দলৰ নৃত্য গীত প্ৰদৰ্শন অনুষ্ঠিত হয়। অনুষ্ঠানত বাৰপূজীয়া এনাজৰী তিৱা কৃষ্টি দ’ল,খাপলংকূচী মনালিছা তিৱা কৃষ্টি দ’ল, ৰূপহীতলী ৰামধেনু তিৱা কৃষ্টি দ’লে বিভিন্ন তিৱা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে।
বেবেজীয়া ডিমৌ বাংখাই গাওঁ পঞ্চায়তৰ কাউন্সিলৰ তপন কুমাৰ বৰদলৈয়ে আঁতধৰা আৰু সামগ্ৰিক পৰিচালনা কৰা তিৱা পিচু অনুষ্ঠানটিত তিৱা সাহিত্য সভাৰ নগাঁও জিলাৰ সভাপতি বীৰেন লালুং, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যোৎ বৰদলৈ, কাছমাৰী সমবায় সমিতিৰ সভাপতি হৰিচৰণ ডেকাকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে। বিয়লি উখল মাখল পৰিবেশত খ্।তগুৰি গাৱৰ যুৱক যুৱতীৰ দ্বাৰা গদাল পৰীয়া গীতৰ নৃত্যৰে তিৱা পিচু উৎসৱৰ সামৰণি পৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6RbcHD1
via IFTTT
Comments
Post a Comment