ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধনীত নগাওঁ জিলা মীন বিভাগৰ দ্বাৰা দুদিদিনীয়া মীন প্ৰশিক্ষণ…

ডিজিটেল সংবাদ, বেবেজীয়াঃ যোৱা ইং ১৪/০২/২০২২ ৰ পৰা ১৫/০২/২০২২ তাৰিখলৈ ২ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) আঁচনিৰ অধনীত ৩৭ জনীয়া হিতাধিকাৰীৰ সৈতে নগাওঁ জিলাৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখনি প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হয় ।
মীন উন্নয়ন বিষয়া প্ৰাঞ্জল কুমাৰ দাসে আঁত ধৰা উক্ত প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড. বিনোদ কলিতা, জিলা মীন উন্নয়ন বিষয়া, ড. ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, অসম মীন উন্নয়ন নিগম, নগাঁও শাখাৰ সহকাৰী অভিযন্তা জ্যোতি প্ৰসাদ শইকীয়া আৰু মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সংগ্ৰীপ্ৰাণ বৈশ্যই ।
উক্ত ২ দিনীয়া প্ৰশিক্ষণত হিতাধিকাৰী সকলক প্ৰথমদিনা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সংগীপ্ৰাণ বৈশ্যয়ে বিলৰ লগত সংযুক্ত সম্পদ দৰ্শন তথা বিলত কি ধৰণে মৎস্য পালন কৰি থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰিব পৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়ে । জিলা মীন উন্নয়ন বিষয়া ড. ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে হিতাধিকাৰি সকলক বিলৰ সংৰক্ষণ, উপযোগিতা আৰু বিলসমূহৰ উপযুক্ত ব্যৱহাৰে কি ধৰণে অধিক মাছ উৎপাদন কৰি অধিক আয় অৰ্জন কৰিব পাৰি তাৰে ওপৰত বক্তব্য প্ৰদান কৰে ।
দ্বিতীয়দিনা, মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড. প্ৰবিত্ৰ কুমাৰ চহৰীয়াই বিলত কি ধৰণে সজাত মীন পালন (Cage Culture) কৰিব পাৰি তাৰে ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে । জিলা মীন উন্নয়ন বিষয়া ড. ৰমেন্দ্র চন্দ্ৰ বৰ্মনে সামূহিক বিল পৰিচালন প্ৰক্ৰিয়াৰ ওপৰত তেখেতৰ মত জ্ঞাপন কৰে । প্ৰশিক্ষণৰ শেষত হিতাধিকাৰী সকলক জিলা মীন উন্নয়ন বিষয়া – ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, মহকুমা মীন উন্নয়ন বিষয়া – সুশীল চন্দ্ৰ নাথ আৰু মীন উন্নয়ন বিষয়া – আব্বদিদাৰ হুছেইন ছিদ্দিকি ৰ দ্বাৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AUhNPqS
via IFTTT
Comments
Post a Comment