ভাৰতে নিজৰ শক্তি কেৱল আত্মৰক্ষা আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰিব…

ডিজিটেল ডেস্কঃ ৰাচিয়াই ইউক্ৰেইনক আক্ৰমণৰ কৰাৰ সময়তে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিছে এক বিশেষ মন্তব্য। ৰাজনাথ সিঙে কয় যে, ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ, যিখন দেশে কেতিয়াও কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰা নাই আৰু বেলেগ দেশৰ এক ইঞ্চিও মাটি দখল কৰা নাই।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, ভাৰতৰ শক্তি কেৱল কল্যাণৰ বাবে, আত্মৰক্ষাৰ বাবে, আনক ভয় খোৱাবলৈ নহয়। দিল্লী বিশ্ববিদ্যালয়ৰ ৯৮সংখ্যক দীক্ষান্ত সমাৰোহত অংশ লৈ এই মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। এই সমাৰোহত সহস্ৰাধিক শিক্ষাৰ্থীক প্ৰদান কৰা হয় ডিগ্ৰী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i9tGSTy
via IFTTT
Comments
Post a Comment