আজি পুৱা ৫.৫৯বজাত মহাকাশলৈ উৰা মাৰিলে PSLV-C52

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ISROয়ে এইবছৰৰ প্ৰথমটো মিছনৰ কাম সফলতাৰে সম্পন্ন কৰিলে। সোমবাৰে পুৱা ৫.৫৯বজাত PSLV-C52 সফলতাৰে উৎক্ষেপন কৰিলে সংস্থাটোৱে। PSLV-C52ৰক জৰিয়তে পৃথিৱীৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিব লগীয়া উপগ্ৰহ UOS-04 উপগ্ৰহটো কক্ষপথত স্থাপন কৰা হব।

UOS-04 উপগ্ৰহটোৰ লগতে আন সৰু সৰু দুটা উপগ্ৰহো কঢ়িয়াই নিছে PSLV-C52য়ে। উল্লেখ্য যে, UOS-04 উপগ্ৰহটো হৈছে এটা ৰডাৰ ইমেজিং চেটেলাইট। এই উপগ্ৰহটোৱে কৃষি, বৃক্ষৰোপন, মাটিৰ গুণৱতাস জল বিজ্ঞান আৰু বান সম্পৰ্কীয় বিভিন্ন দিশৰ জলবায়ু সম্বন্ধীয় তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/BqGC92I
via IFTTT

Comments