ৰাছিয়াৰ প্ৰতিষ্ঠান আৰু ব্যক্তিক আমেৰিকা, বৃটেইনত নিষিদ্ধঃ জাৰ্মানীত বন্ধ হোৱা প্ৰকল্পৰ বাবে ৰাছিয়াই প্ৰতি বছৰে হেৰুৱাব মিলিয়ন ডলাৰ অৰ্থ

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আক্ৰমণ নকৰাকৈয়ে ৰাছিয়াই ইউক্ৰেইনৰ বিদ্ৰোহীৰ দখলত থকা দুটা অঞ্চল লুহানস্ক আৰু ডনেটস্কক মঙ্গলবাৰে পুৱা স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰিছে। ইয়াৰ পিছতে সমগ্ৰ বিশ্বত এই বিষয়টোৱে ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ লগতে ৰাছিয়াৰ এই কাৰ্যৰ বাবে যুদ্ধ প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্বাধীন ঘোষণা কৰা এই দুটা অঞ্চলক সুৰক্ষা দিয়াৰ লগতে নিজৰ আধিপত্য বজাই ৰাখিবলৈ ৰাছিয়ান সেনা প্ৰেৰণ কৰিছে।

ইফালে ৰাছিয়াৰ এই পদক্ষেপৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধ নিশ্চিত বুলি প্ৰকাশ কৰিছে। নিউয়ৰ্ক টাইমছত প্ৰকাশ হোৱা খবৰ মতে আমেৰিকাই ৰাছিয়াৰ পদক্ষেপক আন্তৰ্জাতিক আইনৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ উপৰিও আমেৰিকাই ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা ঘোষণা কৰিবলৈ প্ৰস্তুতি চলাইছে।

একেদৰে ৰাছিয়াৰ বিৰুদ্ধে একেই স্থিতি গ্ৰহণ কৰিছে বৃটেইনে। বৃটেইনে ৰাছিয়াৰ এই পদক্ষেপৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব বুলিও সকিয়নি প্ৰদান কৰিছে। বৃটেইনে ৰাছিয়াৰ প্ৰতিষ্ঠান আৰু ব্যক্তিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ভাবুকি দিছে। কেৱল বিবৃতি দিয়েই বৃটেইন বহি থকা নাই। ইতিমধ্যে ৰাছিয়াৰ মুঠ ৫ টা বেংকৰ ওপৰত নিষেধাজ্ঞা আৰূপ কৰিছে বৃটেইনে। অৱশ্যে এই বিষয়ত বিতং তথ্য লাভ কৰিব পৰা নাই।

ইফালে আমেৰিকা, বৃটেইন আদি দেশৰ স্থিতিৰ বিৰুদ্ধে পুটিনে কয় যে, পশ্চিমীয়া দেশসমূহৰ কাৰ্যকলাপে তেওঁক ইউক্ৰেইনক দুটা ভাগত বিভক্ত কৰিবলৈ বাধ্য কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনৰ দুটা অঞ্চল ৰাছিয়াই স্বাধীন ঘোষণা কৰা বিষয়টোত ৰাছিয়াক গৰিহণা দিছে আৰু ইয়াৰ দুটা বিত্তীয় প্ৰতিষ্ঠান নিষিদ্ধ কৰিছে।

বাইডেনৰ মতে, ৰাছিয়াৰ এই পদক্ষেপ আন্তৰ্জাতিক আইনৰ উলংঘন। পশ্চিমীয়া দেশসমূহৰ পৰা ৰাছিয়ালৈ সাহায্যও নিষিদ্ধ কৰা হৈছে। ৰাছিয়াৰ সৈতে যুঁজ দিয়াৰ আমাৰ কোনো অভিপ্ৰায় নাই, কিন্তু নাটোৰ এক ইঞ্চি পৰ্যন্ত ভূমি সুৰক্ষিত কৰিম। বাইডেনে লগতে কয়, আমি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকে ধৰি ইউৰোপীয় নেতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে একেলগে কাম কৰি আছে। আমি ইউক্ৰেইনৰ সমৰ্থনত ঐক্যবদ্ধ হৈ থিয় দিছো।

ইফালে ৰাছিয়াৰ এনে স্থিতিৰ সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডোমিৰ জেলেনস্কিয়ে কয়, আমি ৰাছিয়াৰ পদক্ষেপক ভয় নকৰোঁ। আমি কাৰো পৰা একো লোৱা নাই বা কাকো একো নিদিওঁ। ভাবুকি স্বত্বেও, আমাৰ আন্তৰ্জাতিক সীমা আগৰ দৰেই থাকিব। ইউক্ৰেইনৰ দুখন প্ৰদেশক স্বাধীন হিচাপে ঘোষণা কৰাৰ পুটিনৰ পদক্ষেপৰ পিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল।

ইফালে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ বিবাদত জাৰ্মানীৰ স্থিতি খুব স্পষ্ট নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো জাৰ্মান চাঞ্চেলৰ ওলাফ শ্চোলজৰ নতুন চৰকাৰৰ স্থিতি সন্দৰ্ভত ক্ষোভিত আছিল। অৱশ্যে অতি শেহতীয়াকৈ জাৰ্মানীয়ে ৰাছিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। কেৱল বিৰোধিতা কৰাই নহয়, জাৰ্মানীয়ে প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প ‘নৰ্ড ষ্ট্ৰীম ২’ বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে।

নৰ্ড ষ্ট্ৰীম ২ প্ৰকল্প বন্ধ কৰা বিষয়টো ৰাছিয়া আৰু ভ্লাদিমিৰ পুটিনৰ বাবে এটা ডাঙৰ আঘাত হিচাপে প্ৰমাণিত হ’ব পাৰে। দৰাচলতে, এই লাইনৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত, ৰাছিয়াই প্ৰতি বছৰে মিলিয়ন ডলাৰ উপাৰ্জন কৰাৰ কথা আছিল। কিন্তু এতিয়া বিষয়টো জটিলতাৰ মাজত সোমাই পৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Gvixogl
via IFTTT

Comments