দ্বিতীয় টি-২০ত ৱেষ্ট ইণ্ডিজক ৮ ৰাণত পৰাস্ত কৰি ভাৰতৰ টি-২০ শৃংখলাৰ চিৰিজ দখল…

ডিজিটেল ডেস্কঃ কলকাতাত হৈ থকা ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টি-২০ত ভাৰতীয় দলটোৱে আলহী দলটোক ৮ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে তিনিখন টি-২০ৰ চিৰিজটো ভাৰতে জয় কৰিবলৈ সক্ষম হৈছে। চিৰিজৰ প্ৰথমখন মেচো আছিল ভাৰতৰ পক্ষত।

ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮৬ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলী আৰু ঋষভ পন্তৰ বেটৰ পৰা দুটাকৈ অৰ্ধশতক। বিৰাট কোহলীয়ে ৪১ টা বলত ৫২ ৰাণ কৰাৰ বিপৰীতে ঋষভ পন্তে ২৮ টা বলত ৫২ ৰাণ কৰে।আনহাতে ভেঙ্কটেশ আয়াৰে ১৮ টা বলত ৩৩ ৰাণ কৰে।

নিৰ্ধাৰিত ১৮৭ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ৱেষ্ট ইণ্ডিজ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৭৮ ৰাণ হে সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ৰভমেন পাৱেলে ৩৬ টা বলত ৬৮ ৰাণৰ অপৰাজিত ইনিংছ খেলাৰ লগতে নিকোলাছ পুৰানে ৪১ টা বলত ৬২ ৰাণ কৰে। ভাৰতৰ হৈ চাহাল, ভুৱনেশ্বৰ আৰু ৰবিয়ে এটাকৈ উইকেট দখল কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xZcnvpa
via IFTTT

Comments