“নৱ প্ৰজন্মই দেশক নেতৃত্ব দিব পৰা জ্ঞান আহৰণ কৰিব লাগিব”…

ডিজিটেল সংবাদ , নগাঁও : ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ নগাঁও আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘লক্ষ্য’ৰ উদ্যোগত সোমবাৰে নগাঁও গোপীনাথ দেৱ গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিক প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ অনুষ্ঠানটি উদ্ধোধন কৰি অধ্যক্ষ ড: মৃগাংক শইকীয়াই কয় যে নৱ প্ৰজন্মই দেশক নেতৃত্ব দিব পৰা জ্ঞান আহৰণ কৰিব লাগিব। তাৰ বাবে কঠোৰ অধ্যয়ন আৰু পৰিশ্ৰম কৰিব লাগিব বুলি মন্তব্য কৰি ড: শইকীয়াই লগতে কয় যে যুৱক-যুৱতীক সমাজে সঠিক দিশত আগুৱাই নিয়াৰ বাবে উদ্বুদ্ধ কৰিব লাগিব।
দুইশতাধিক শতাধিক যুৱক-যুৱতী আৰু মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰা উক্ত অনুষ্ঠানটো আঁত ধৰে অধ্যাপিকা ড: জোনালী শৰ্মাই। শিক্ষা গ্ৰহণত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভুমিকা, কৌশল, শ্ৰমিক কল্যাণ আৰু আত্মনিৰ্ভৰশীল ভাৰত, উদ্যমিতা, চহৰ উন্নয়নত পানী যোগান আৰু অনাময় আঁচনিৰ বিষয়ৰ ওপৰত সমল ব্যক্তি হিচাপে ক্ৰমে অধ্যাপক মিন্টু গায়ন, ৰণদীপ নন্দি, সমাজকৰ্মী পংকজজ্যোতি হাজৰিকা আৰু অধ্যাপিকা বন্তি কলিতাই আলোচনা দাঙি ধৰে। অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ জিলা সমন্বয়ক প্ৰমোথেশ চক্ৰৱৰ্তীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আলোচনা আগবঢ়ায়। সভাখনতে ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ আজমল কবিৰেও অংশগ্ৰহণ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/yYH5vgZ
via IFTTT
Comments
Post a Comment