ইউক্ৰেইন সংকটক কেন্দ্ৰ কৰি মোডীৰ অষ্টমখন বৈঠক…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাছিয়া-ইউক্ৰেইন সংকট সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক তৈয়াৰ কৰে। এই বৈঠকত অপাৰেচন গংগাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছিল। বৈঠকত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰা আৰু ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু এন এছ এ অজিত ডোভাল উপস্থিত আছিল।
ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ লোৱা পদক্ষেপক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীৰ এইখন ৮ম খন বৈঠক। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক দ্ৰুতগতিত স্থানান্তৰ কৰাটো নিশ্চিত কৰিবলৈ ইউক্ৰেইন সীমান্তৰ চাৰিখন দেশলৈ ৪ জন কেন্দ্ৰীয় মন্ত্ৰীক পঠিয়াইছে। ৪ জন মন্ত্ৰীৰেই তত্বাৱধানত উদ্ধাৰ অভিযান অধিক ত্বৰাম্বিত কৰা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RpEDaxB
via IFTTT
Comments
Post a Comment