নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিলে বাহনে, থিতাতে নিহত ২ জনৰ

ডিজিটেল সংবাদ, মঙলদৈ: বুধবাৰে নিশা গুৱাহাটীৰ পৰা গীত পৰিৱেশন কৰি ঘৰলৈ আহি থকা অৱস্থাত বৃহস্পতি বাৰে পুৱা ৭-৩০ বজাত বেজেৰাৰ শালমাৰাত দুৰ্ঘটনাত পতিত হয় অসমৰ এগৰাকী গায়ক ৰবিৰ গাড়ী।যাৰ ফলত ৰবিৰ সহযোগী টিংকুমনি ভূঞা আৰু প্ৰাঞ্জল দাস নামৰ মঙলদৈৰ সৰবৰহী যুৱক দুজনৰ থিতাতে নিহত হয়।
AS06M8300 ওৱেগনাৰ গাড়ীৰে পুৱা ৭.৩০বজাত ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই গছত খুন্দা মাৰি দ খাৱৈত পৰি থিতাতে নিহত যুৱক দুজন।
টিংকুমনি ভূঞা মঙ্গলদৈৰ গেৰিমাৰীৰ বাসিন্দা দেৱকান্ত ভূঞাৰ সন্তান আৰু প্ৰাঞ্জল দাস মঙলদৈ আৰেংৰ মহেশ চন্দ্ৰ দাসৰ পুত্ৰ। সংগীত শিল্পী ৰবি দাস বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আই, চি,ইউত ভৰ্তি হৈ আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pj1kofF
via IFTTT
Comments
Post a Comment