ইউক্ৰেইনৰ ৰাজধানী ত্যাগ সকলো ভাৰতীয়ৰঃ ১২ হাজাৰ শিক্ষাৰ্থীৰ লগতে ৬০ শতাংশ ভাৰতীয় স্বদেশত উপস্থিত…

ডিজিটেল ডেস্কঃ ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ সকলো ধৰণৰ প্ৰেচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজেত মঙ্গলবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ পৰা জনাইছে যে সকলো ভাৰতীয়ই ইতিমধ্যে কিয়েভ এৰিছে। গতিকে ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাস বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইতিমধ্যে দেশখনৰ পৰা ৬০ শতাংশ ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। মুঠ ১২ হাজাৰ শিক্ষাৰ্থী ইতিমধ্যে ভাৰতলৈ ঘূৰি আহিছে। আনহাতে যিসকল লোক এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰৰ বাবে আগন্তুক ৩ দিনত মুঠ ২৬ খন বিমান চলোৱা হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙ্গলবাৰে ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই সাংবাদিকক কয় যে, ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে অহা তিনি দিনৰ ভিতৰত ২৬ খন বিমান চলোৱা হ’ব৷ বুখাৰেষ্ট আৰু বুদাপেষ্টৰ উপৰিও পোলেণ্ড আৰু স্লোভাকৰ বিমানবন্দৰসমূহো ব্যৱহাৰ কৰা হ’ব।
ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে চৰকাৰে অপাৰেচন গঙ্গাৰ অধীনত প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, অহা তিনি দিনত ২৬ খন বিমানৰ জৰিয়তে ভাৰতীয়সকলক ইউক্ৰেইনৰ চুবুৰীয়া দেশ ৰোমানিয়া, পোলেণ্ড বা হাংগেৰীৰ পৰা ঘূৰাই অনা হ’ব।মিছন গঙ্গাৰ অধীনত 8 মাৰ্চলৈকে মুঠ ৪৬ খন বিমান পৰিচালনা কৰা হ’ব। এই বিমানসমূহ ২৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হৈ আছে।
আনহাতে ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ৰোমানিয়াৰ ভাৰতীয় দূতাবাসে স্পষ্ট কৰি দিছে যে, ইউক্ৰেইনৰ পৰা অহাৰ পিছত ৰোমানিয়াৰ পৰা বিশেষ বিমানত উঠিবলৈ কোনো ভাৰতীয়ক ভিছাৰ প্ৰয়োজন নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Il7ASZb
via IFTTT
Comments
Post a Comment