ৰে’লৱেই ক্ৰয় কৰিব ২০০ শ্লিপাৰ বন্দে ভাৰত ৰেলঃ ২৪ হাজাৰ কোটি টকাৰ নিবিদা…

ডিজিটেল ডেস্কঃ ৰে’ল মন্ত্ৰালয়ে ২০০ শ্লিপাৰ বন্দে ভাৰত ৰেল ক্ৰয় কৰিবলৈ নিবিদা জাৰী কৰিছে। বন্দে ভাৰত ৰে’লৰ তৃতীয়টো গোট ক্ৰয় কৰিবৰ বাবে ৰে’লৱেই চলিত মাহত ২৪ হাজাৰ কোটি টকাৰ নিবিদা জাৰী কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰে’লৱেই ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

বৰ্তমানলৈকে ৰে’লৱেই কেৱল বহাৰ আসন থকা ১০২ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলাই আছে। আনহাতে ৰে’লৱেই ইতিমধ্যে ইণ্টিগ্ৰেল কোচ কাৰখানাত ৪৪ খন বন্দে ভাৰত ৰে’ল নিৰ্মাণৰ বাবে চুক্তি কৰিছে। বৰ্তমান আৰু ৫৮ খন ৰে’ল ক্ৰয়ৰ বাবে নিবিদা প্ৰক্ৰিয়াও চলি আছে।

উল্লেখ্য যে ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেটত ৪০০ খন বন্দে ভাৰত ৰে’ল ক্ৰয়ৰ কথা ঘোষণা কৰা হৈছিল। ৰে’ল মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি ৩,২০০ ডবা থকা ২০০ খন বন্দে ভাৰত ৰে’লৰ নিবিদা নথি চূড়ান্ত কৰা হৈছে আৰু মাৰ্চমাহত মুকলি কৰা হ’ব। বাজেটত উল্লেখ কৰা অনুসৰি ১৬ টাকৈ ডবা থকা এখন বন্দে ভাৰত ৰেলৰ বাবে ব্যয় হব ১২০ কোটিকৈ টকা।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/g1WSj6F
via IFTTT

Comments