হৰ হৰ মহাদেৱঃ আজি মহা শিৱৰাত্ৰি…

ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰি। মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।
পুৱাই দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও দেশবাসীক জনালে শিৱৰাত্ৰিৰ শুভেচ্ছা। দুয়োগৰাকীয়ে এই পৱিত্ৰ দিনটোত দেশবাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিলে।
উল্লেখ্য যে, হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়।
ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/15tCSBu
via IFTTT
Comments
Post a Comment