পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱতি ল’লে পিতৃয়ে…

ডিজিটেল ডেস্ক: দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতেই দিল্লীৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি দিল্লীৰ পাহাৰগঞ্জ এলেকাত আক্ৰমণকাৰীৰ কবলৰ পৰা পুত্ৰক ৰক্ষা কৰিবলৈ যাঁওতেই পিতৃক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে এজনে।

জানিব পৰা মতে গান বজোৱাক কেন্দ্ৰ কৰি মায়ংক নামৰ যুৱকজনে অন্য এজন যুৱকৰ  লগত বিবাদত লিপ্ত হৈছিল।দুয়োৰে বিবাদ মাৰপিটৰ পৰ্যায় পায়গৈ আৰু তেতিয়াই পুত্ৰক বচাবলৈ গৈ মৃত্যু মুখত পৰে পিতৃ।

এই হত্যাকাণ্ডৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। মায়ংক মনচন্দ নামৰ যুৱক জনে শাৰীৰিক কচৰৎ কৰি আছিল তেনে সময়তে অন্য এজন যুৱকৰ লগত কাজিয়াত লিপ্ত হয়।সেই যুৱকজনে প্ৰথমে মায়ংকৰ মুখত ব্লেডেৰে প্ৰহাৰ কৰে লগে লগে মায়ংকে পিতৃক ফোন কৰি মাতি আনে।

পুত্ৰৰ ফোন পাইয়েই পিতৃয়ে ঘটনাস্থলীলৈ আহে আৰু কাজিয়াৰ মাজতে যুৱকজনে মায়ংকৰ পিতৃ মনোজক চুৰীৰে প্ৰহাৰ কৰে। মনোজত হস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পাছত মৃত্যু হয়।ইয়াৰ পাছতেই আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i1RNaxY
via IFTTT

Comments