কেদাৰনাথৰ দুৱাৰ মুকলিৰ দিন ঘোষণা..

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰস্থান হিচাপে পৰিচিত কেদাৰনাথৰ দুৱাৰ ৬ মে’ৰ পুৱা ৬-২৫ বজাত মুকলি হ’ব। মহাশিৱৰাত্ৰি উপলক্ষে উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰত পূজা কৰাৰ পিছতে এই তাৰিখ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে শীতকালত উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকে। মন্দিৰ প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে, ভক্তসকলে মন্দিৰত কোৰোনা নিৰ্দেশনা পালন কৰিব লাগিব। ভক্তসকলে সামাজিক দূৰত্ব বজাই ৰাখি কেদাৰনাথ দৰ্শন কৰিব পাৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/q3TlJUH
via IFTTT

Comments