মাজুলীৰ ভোটযুদ্ধঃ আৰম্ভ ভোটদান প্ৰক্ৰিয়া…

 ডিজিটেল ডেস্কঃ পুৱা ৭বজাৰে পৰা আৰম্ভ হৈছে মাজুলী উপনিৰ্বাচনৰ ভোটগ্ৰহণ। মাজুলীৰ ২০৩ টা ভোট কেন্দ্ৰত হৈছে এই ভোটদান প্ৰক্ৰিয়া । ১৩২৪৪৫ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য ।

মাজুলীৰ দুৰ্গম অঞ্চলৰ ১৬ টা ভোট কেন্দ্ৰলৈ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে । সোমবাৰে মাজুলীত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচন পৰিচালনা কৰিব ৯ জন জৰৰ্নেল অফিচাৰ আৰু ৩৩ জন চেক্টৰ অফিচাৰে ৷

সোমবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া । উল্লেখ্য যে, নিৰ্বাচনী বিধি পালন কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা সকলোৱে ক’ভিড নিৰ্দেশনা মানিব চলিব লাগিব ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/97hYCdD
via IFTTT

Comments