ওদালগুৰিত “যুদ্ধ নহয়, শান্তি লাগে” শীৰ্ষক কাৰ্যসূচী…

ডিজিটেল সংবাদ ওদালগুৰিঃ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত ‘সংগীতৰ যাত্ৰা’ নামৰ অনুষ্ঠানৰ উদ্যোগত আজি ওদালগুৰি সাহিত্য সভা প্ৰাঙ্গনত “যুদ্ধ নহয়, শান্তি লাগে” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সংগীত যাত্ৰাৰ আহ্বায়ক সন্দীপ সমৰীয়াৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীটোত ওদালগুৰিৰ বিভিন্নজনে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশন আৰু কবিতা পাঠ কৰে।

ওদালগুৰি জিলা আইন সেৱা প্ৰাধীকৰণৰ সচিৱ অজয় কুমাৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে বৰ্তমান বিশ্বত আগজাননী দিয়া তৃতীয় যুদ্ধৰ বিৰোধীতা কৰে।

তেওঁ কয় “মানৱ জাতি হৈছে বুদ্ধিমান জাতি। বিশ্ব‌ত ইয়াৰ পূৰ্ৱে হৈ যোৱা দুখনকৈ বিশ্ব যুদ্ধত আমি বহু হেৰুৱাই পেলালো। যাৰ বাবে আমি কেতিয়াও তৃতীয় বিশ্বযুদ্ধ আশা নকৰো। আমি মানৱ জাতিয়ে বৰ্তমান সংযম হোৱাটো অতিকৈ প্ৰয়োজন। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমি বিশ্বৰ শান্তি কামনা কৰিছো। আশা কৰো ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখন অতি শীঘ্ৰে সামৰণি পৰক আৰু শান্তি প্ৰতিষ্ঠা হওঁক।”

উল্লেখ্য যে বিগত দুই মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ আজি দ্বিতীয়টো কাৰ্যসূচী ওদালগুৰিত অনুষ্ঠিত হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন স্থানত উক্ত অনুষ্ঠানটি অনুষ্ঠিত হব। আজিৰ এই অনুষ্ঠানত ওদালগুৰিৰ মূখ্য ন্যায়িক দণ্ডাধীশ ৰঞ্জিতা আগৰৱালা, ওদালগুৰি সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মা লগতে ওদালগুৰিৰ বহু বিশিষ্ট লোক উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ohbQFce
via IFTTT

Comments