কুজিসত্ৰ সৌমাৰ সংঘৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী তথা দক্ষিণ দিশত থকা ঐতিহাসিক নৰোৱা কুজিসত্ৰৰ বুকুত ১৯৬৪ চনতে জন্মলাভ কৰা “কুজিসত্ৰ সৌমাৰ সংঘ” ই মঙ্গলবাৰে ৫৮ বৰ্ষত ভৰি দিলে। তদুপলক্ষে কুজিসত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে কুজিসত্ৰ সৌমাৰ সংঘৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত কুজিসত্ৰ কলাকেন্দ্ৰৰ সভাপতি তুলাৰাম হাজৰিকাই পতাকা উত্তোলন কৰাৰ লগতে সংঘৰ আলোচনী সম্পাদক অবিনাশ শইকীয়া আৰু ৰাহুল শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰা এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে সত্ৰৰ নামঘৰীয়া গুনাৰাম হাজৰিকাই।
ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে আয়োজন কৰা চিত্ৰাঙ্কণ, কুইজ, আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰে শিল্পী দিপাংক গিৰি দেৱগোস্বামী আৰু নগাঁৱৰ শিল্পী বিশ্বজিৎ কলিতাই। প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সত্ৰৰ ভকত কুঞ্জৰাম বৰুৱা আৰু হৰিকান্ত বৰাই সাৰুৱা ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সংঘৰ সভাপতি পৰশমণি দত্ত, সম্পাদক বিনয় বৰুৱাকে প্ৰমুখ্য কৰি শতাধিক লোকে অংশ গ্ৰহণ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1dXaCLv
via IFTTT
Comments
Post a Comment