বোমা নিৰ্মাণৰ কাৰখানাত বিস্ফোৰণঃ ১২ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বিহাৰত ভাগলপুৰৰ এটা বোমা নিৰ্মাণ কৰা কাৰখানাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা। এই ঘটনাত বৰ্তমানলৈকে ১২ জন লোকৰ মৃত্যু হৈছে। চহৰখনৰ কাজৱালি চাক অঞ্চলত বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হোৱা এই বিস্ফোৰণত ৪ টাকৈ ঘৰ ধ্বংস হৈ পৰিছে।
এই ঘটনাৰ পিছতে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমানেও ধ্বংসস্তূপত বহু কেইজন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। দিনৰ প্ৰায় ১২ বজালৈকে ১২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিস্ফোৰণত এঘাৰজন লোক গুৰুতৰভাৱে আহত হৈছে। আঘাতপ্ৰাপ্তসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।
ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে ধ্বংসাৱশেষৰ পৰা ৫ কিলোগ্ৰাম বাৰুদ আৰু বৃহৎ সংখ্যক লোহাৰ নখ বিচাৰি পাইছে। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাৰ প্ৰতি শোক প্ৰকাশ কৰিছে। তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে ফোনযোগে কথা পাতিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lyM0LcQ
via IFTTT
Comments
Post a Comment