ৰাছিয়াৰ লগত ভাৰতৰ ঘনিষ্ঠ সম্পৰ্কঃ আমেৰিকাৰ অসন্তুষ্টি স্পষ্ট…

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ স্থিতিক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। বহুতেই ভাৰতে কৌশলপূৰ্ণ ভাৱে ৰাছিয়াৰ পক্ষত থিয় দিছে বুলি মন্তব্য় কৰাৰ বিপৰীতে আন বহুতেই আকৌ ভাৰতৰ নিৰপেক্ষ স্থিতিক সমৰ্থন কৰিছে। ইয়াৰ মাজতে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক অৱনতি ঘটাৰ উপক্ৰম হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ পৰা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী ক্ৰয়ৰ ক্ষেত্ৰত চি এ এ টি এছ এ আইনৰ অধীনত ভাৰতক নিষিদ্ধ কৰা উচিত হয় নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবঢ়িছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ আৰু মধ্য এছিয়াৰ সহকাৰী সচিব ডনাল্ড লুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন প্ৰণেতাসকলৰ ওপৰত চিনেটৰ বৈদেশিক সম্পৰ্ক উপ-সমিতিক ভাৰতেএছ-৪০ প্ৰতিৰক্ষা প্ৰণালী ক্ৰয় কৰা সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। এইগৰাকী বিষয়াই কৈছে যে, বৰ্তমানৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজত ৰাছিয়া যিদৰে সমালোচনাৰ সন্মুখীন হৈছে সেই ফালৰ পৰা ভাৰতে বুজি পাব লাগে যে এতিয়া মস্কোৰ পৰা নিজকে আঁতৰাই ৰখাৰ সময়।’

ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে যে, এই নিষেধাজ্ঞাই এছ-৪০০ চুক্তিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। সেয়া যিয়েই নহওক ৰাছিয়াৰ সৈতে বাৰতৰ ঘনিষ্ঠ সম্পৰ্কত যে আমেৰিকা একেবাৰে সন্তুষ্ট নহয় সেই বিষয়টো পোহৰলৈ আহিছে। এনে প্ৰেক্ষাপটত ভাৰতে দুই কুল মিলাই চলাৰ যি পদক্ষেপ তাক কিমান দিনলৈ বৰ্তাই ৰাখিব পাৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GZ7TqS5
via IFTTT

Comments