হত্যাকাণ্ডক কেন্দ্ৰ কৰি মায়ঙৰ বহাত উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ, মায়ংঃ মায়ঙৰ বহাত আজি বিয়লি ৰ ভাগত এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়।এজন লোকক হত্যা কৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰে বহা। কেৰম বৰ্ড খেলা ক কেন্দ্ৰ কৰি যোৱা নিশা এজন লোকক হত্যা কৰা হৈছিল।প্ৰথমে সাধাৰণ তৰ্ক বিতৰ্ক হৈছিল দুই পক্ষৰ মাজত।

পৰৱৰ্তী সময়ত দুই পক্ষৰ মাজত লগা কাজিয়া ৰ ফলত থিতাতে মৃত্যু হয় তনুৰাম দাস।তনুৰাম দাসক হত্যা কৰে ৰাজমহন বিশ্বাস, ইন্দ্ৰ মোহন বিশ্বাস,পদ্ম মোহন বিশ্বাস আৰু উত্তম ভৌমিকে। মৃত তনুৰাম ৰ বয়স ৪৭ বছৰ হব বুলি জানিব পৰা গৈছে। আজি মৃতদেহ বহা ৰ ঘৰ আহি পোৱাৰ পিছতেই ক্ৰমাৎ উত্তপ্ত হৈ পৰে বহা।

আৰক্ষী উপস্থিত ঘটনাস্থলীত।জানিব পৰা মতে তনুৰাম দাসক কালি দা কোঠাৰেৰে ঘপিয়াই আক্ৰমণ কৰাৰ ফলত তনুৰামৰ মৃত্যু হয়। পৰিয়ালৰ লোকে মৃত্যু হোৱা নাই বুলি ভাবি প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ ৰাতিৰ ভাগতে নিয়ে যদিও চিকিৎসকে কিন্তু মৃত বুলি ঘোষণা কৰে।

আজি যেতিয়া মৃতদেহ গুৱাহাটীৰ পৰা লৈ অহা হয়, তাৰ পিছত হত্যাকাৰী ৰ পদূলিত ৰাইজে ৰাখি থয় দুঘণ্টা সময় ধৰি।তাৰ পিছতেই ক্ৰমাৎ উত্তপ্ত হৈ পৰে বহা বজাৰ এলেকা। হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত উত্তাল কৰে। ৰাইজৰ প্ৰতিবাদৰ খৱৰ পোৱাৰ পিছত মায়ং আৰক্ষী উপস্থিত হয় বহাত।পৰিস্থিতি নিয়ন্ত্ৰণ লৈ অনাৰ বাবে চেষ্টা কৰে আৰক্ষীয়ে।

অৱশ্যে মায়ং থানা ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নথকাৰ বাবে যথেষ্ট অসুবিধা আহি পৰিছে আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত। অৱশেষত মায়ং থানা ৰ সহকাৰী পৰিদৰ্শক আৰু উপ পৰিদৰ্শক দুয়ো জন পৃথক পৃথক কৈ গৈ পৰিস্থিতি শান্ত কৰি মৃতদেহ শ্মশান লৈ নিয়াৰ ব্যৱস্থা কৰে।জানিব পৰা মতে তনুৰাম দাস ৰ ভতিজা অঞ্জন দাস,আৰু পৰিয়াল ৰ আন কেইবাজনো লোক আহত হয় আক্ৰমণ ত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AYXkyhI
via IFTTT

Comments