পুটিনৰ ৩চৰ্ত মানিলে ইতি পৰিব যুদ্ধৰ…

ডিজিটেল ডেস্কঃ আৰু যুদ্ধ কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ শেষ কৰিব বিচাৰিছে প্ৰৱল প্ৰতাপী ৰাছিয়াই। কিন্তু এই যুদ্ধ শেষ কৰিবৰ বাবে ৩টা বিশেষ চৰ্ত ৰাখিছে ৰাছিয়াই। যদিহে ইউক্ৰেইনে এই তিনিটা চৰ্ত মানি লয়, তেন্তে এই যুদ্ধ ইমানতে অন্ত পৰিব পাৰে। কিন্তু ইউক্ৰেইন সেনা আৰু চৰকাৰৰ যি স্থিতি সেই স্থিতিলৈ লক্ষ্য ৰাখি এই চৰ্তসমূহ মানি লোৱাৰ কোনো বাট নাই বুলিয়ে কব পাৰি।

সেয়া যি কি নহলেও, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সন্মুখত ৰখা তিনিটা চৰ্তৰ প্ৰথমটো চৰ্ত হৈছে- ইউক্ৰেইন সদায়েঅ বিনা পাৰমাণৱিক দেশ হিচাপে থাকিব লাগিব। লগতে ক্ৰিমিয়াক ৰাছিয়াৰ অংগ ৰাজ্য হিচাপে ঘোষণা কৰাৰ লগতে পূৰ্ব ইউক্ৰেইনৰ অলগাঁৱবাদী ক্ষেত্ৰসমূহকো ৰাছিয়াক চমজাই দিব লাগিব।

শনিবাৰে দুয়োখন দেশৰ মাজত তৃতীয় লানি বৈঠকৰ আগত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই চৰ্তই আলোচনাখনি বুমেৰাং কৰিব বুলিয়ে এতিয়া সকলোৱে আশা কৰিছে। কিয়নো এই দাবীসমূহৰ বাবেই বিস্তৰ ক্ষতি হোৱাৰ পাছতো ৰাছিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ইউক্ৰেইনে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3H5FSPl
via IFTTT

Comments