পৰীক্ষাগৃহৰ পৰা ওলোৱাৰ পাছতেই সন্ধানহীন দুই ছাত্ৰ

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ আগশাৰীৰ এখন বিদ্যালয়ৰ দুজন ছাত্ৰ সন্ধানহীন হৈছে ৷ বুধবাৰৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ দুজনক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ দুয়োজন ছাত্ৰই নৱম শ্ৰেণীত অধ্যয়নৰত৷

ছাত্ৰ দুজন হৈছে নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সমীৰণ দাস আৰু কিশোৰ দাস ৷ দুয়ো বিদ্যালয়ৰ পৰীক্ষা গৃহৰ পৰা ওলাই অহাৰ পিছৰ পৰা সন্ধানহীন হয় বুলি জানিব পৰা আছিল৷

বুধবাৰে ছাত্ৰ দুজনৰ হিন্দী পৰীক্ষা আছিল ৷ সময়তকৈ আগতে দুয়োজন ছাত্ৰ পৰীক্ষা গৃহৰ পৰা দুয়ো ওলাই গৈছিল ৷ চহৰ খনৰ ডিমৰুগুৰিৰ ছাত্ৰ দুগৰাকী সন্ধানহীন হোৱাৰ পিছত পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত  এজাহাৰ দাখিল কৰিছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ucQ3kp1
via IFTTT

Comments