২৫-২৭ মাৰ্চলৈ সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ উদ্যোগত সৰুসজাইত আৰম্ভ প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ২০২২

ডিজিটেল সংবাদ, বাক্সা: ভূটান আৰু বাংলাদেশ সীমান্তৱৰ্তী অসমৰ জিলা কেইখনৰ সুৰক্ষা, সামগ্ৰীক উন্নতিৰ বাবে সামাজিক, সাংস্কৃতিক আৰু অৰাজনৈতিক সংস্থা হিচাপে গঠন কৰা সীমান্ত চেতনা মঞ্চই বহুতো উন্নয়ণমূলক কাম কৰি আহিছে। সীমান্ত অঞ্চলৰ বাসিন্দাৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবোধৰ ভাৱ জগাই তোলাৰ বাবে অহৰহ কাম কৰি অহাৰ পিছতে এই সংস্থাটোৱে শেহতীয়াভাৱে অহা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ তিনিদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভূটান আৰু বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমাৰে সংযুক্ত হৈ থকা অসমৰ ওদালগুৰি, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, কাছাৰ, কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ লোক সকলৰ মাজত অনুষ্ঠিত হব এই ক্ৰীড়া মহোৎসৱ। এই উদ্দেশ্য আজি বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ত সীমান্ত চেতনা মঞ্চৰ বাক্সা জিলা সমিতিৰ সৈতে জিলা অতিৰিক্ত উপায়ুক্তৰে অনুষ্ঠিত হয় এক আলোচনা। এই আলোচনাত উক্ত ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণৰ বাবে বাক্সা জিলাৰ যুৱক- যুৱতী সকলৰ বাচনিৰ বাবে অহা ৪ আৰু ৫ মাৰ্চত বাক্সা জিলাৰ বাথৌপুৰীৰ ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’ব।

এই ক্ৰীড়া মহোৎসৱত লৰা ছোৱালীৰ উভয় শাখাতে ১০০, ২০০, ৮০০, ১৫০০ মিটাৰ দৌৰ, 8×১০০ মিটাৰ ৰিলে দৌৰ, ওখ জাপ, দীঘল জাপ, ওজন দলিওৱা, জেভেলিন দলিওৱা, দিচকাচ দলিওৱা, ভলীবল আৰু কাবাদী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গতিকে এই ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণৰ বাবে বাক্সা জিলা সীমান্ত চেতনা মঞ্চই আহ্বান জনাইাছে। অধিক জানিবৰ বাবে বাক্সা জিলাৰ আহ্বায়ক ৰমেন ৰামছিয়াৰীৰ লগত ৭০০২০৭৪৩৪৮ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইাছে।

বৃহস্পতিবাৰে এই আলোচনাত জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা, সীমান্ত চেতনা মঞ্চৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা ৰিদীপ কুমাৰ ডেকা, বাক্সা জিলা সীমান্ত চেতনা মঞ্চৰ সাধাৰণ সম্পাদক নিকুঞ্জ কলিতা, কোষাধ্যক্ষ কুমাৰ অনুপম, মঞ্চৰ ৰাজ্যিক খেল প্ৰমুখ কুলেন কুমাৰ নাথ, ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি সুৰেশ স্বৰ্গীয়াৰী, প্ৰচাৰ সচিব পুলিন দাস, ব্ৰজেন পাঠক আদি উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cLPSQpC
via IFTTT

Comments