ডিপোলৈ যাব নালাগে, ঘৰতেই লাভ কৰিব ডিজেল…

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অইল কৰ্পোৰেচনে গ্ৰহণ কৰিছে এক বিশেষ আঁচনি। এই আঁচনি অনুসৰি আপুনি ঘৰতেই লাভ কৰিবলৈ সক্ষম হ’ব ডিজেল। ইতিমধ্যে পৰীক্ষামূলক ভাৱে এই আঁচনি মুম্বাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আৰম্ভ কৰিছে। এপ ভিত্তিক ড’ৰষ্টেপ ডিজেল বিতৰণ সেৱা প্ৰদানকাৰী হমচফৰ ইণ্ডিয়া আৰু ওকাৰা ফিউল’জিক্সৰ সহযোগিতাত আৰম্ভ হৈছে এই বিশেষ আঁচনি।

প্ৰকাশিত খবৰ মতে ইতিমধ্যে পুনে, নাগপুৰ, থানে, নাছিক, ঔৰংগাবাদ, নৱী মুম্বাই, চোলাপুৰৰ লগতে মহাৰাষ্ট্ৰৰ আন আন চহৰত ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে ইণ্ডিয়ান অইল কৰ্পোৰেচনে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি গোৱা, কৰ্ণাটক আৰু গুজৰাটতো ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ আঁচনি সম্প্ৰসাৰিত কৰিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/p5wkBlT
via IFTTT

Comments