ইউক্ৰেইনত কেৱল গুলী, মিছাইলৰ শব্দ, দেশ এৰি পলায়ন প্ৰায় ১০ লাখৰ…

ডিজিটেল ডেস্ক: বৰ্তমান ইউক্ৰেইনত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে।চাৰিওফালে কেৱল মিছাইল আক্ৰমণ, গুলীবৰ্ষণৰ শব্দই শংকিত কৰিছে জনতাক।প্ৰায় ১ সপ্তাহ সম্পূৰ্ণ হ’ল ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই আক্ৰমণ।
২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে। তাৰ পাছৰ পৰাই ইউক্ৰেইনত আৰম্ভ হৈছে ধ্বংস লীলা। এফালৰ পৰা ধ্বংসস্তুপত পৰিণত হৈছে সকলো।
ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ আধা অংশলৈ সোমাই আহিছে ৰুছ সেনা। অন্যহাতে ৰুছ সেনাই দাবী কৰা অনুসৰি তেওঁলোকে দখল কৰিছে ইউক্ৰেইনৰ খেৰচন চহৰ।
কেৱল ইমানেই নগয়, ইউক্ৰেইনৰ অধিকাংশ অঞ্চলতে ৰাছিয়াই চলাই গৈছে আক্ৰমণ। সকলো সময়তে কেৱল চাইৰেনৰ শব্দ আৰু তাৰ পাছতেই শুনিবলৈ পোৱা যায় বোমা বাৰুদৰ শব্দ।ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত।
যুদ্ধৰ প্ৰভাৱ ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ ওপৰত যথেষ্ঠ পৰিমাণে পৰিছে। সংযুক্ত ৰাষ্ট্ৰৰ মতে বিগত ৭ দিনত ইউক্ৰেইনৰ পৰা প্ৰায় ১ মিলিয়ন অৰ্থাত ১০ লাখ লোকে অন্য দেশলৈ পলায়ন কৰিছে।এয়া ইউক্ৰেইনৰ জনসংখ্যাৰ ২ শতাংশ।কিয়নো ২০২০ ৰ তথ্য অনুসৰি ইউক্ৰেইনৰ জনসংখ্যা ৪৪ মিলিয়ন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/E6cGtwH
via IFTTT
Comments
Post a Comment