পুটিনৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ বাবে সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত। দুবাৰকৈ আলোচনা হোৱাৰ পাছতো এতিয়ালৈকে কোনো সমাধান ওলোৱা নাই এই যুদ্ধৰ। ৰাছিয়াই অহৰহ আক্ৰমণ চলাই গৈছে ইউক্ৰেইনৰ ওপৰত আৰু ইউক্ৰেইনেও অতি সাহসেৰে মোকাবিলা কৰি গৈছে।
ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ প্ৰমুখে কয় যে ভালাদিমীৰ জেলেস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ বাবে সাজু হৈছে।
অন্যহাতে যুদ্ধৰ মাজতেই ৰবিবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমৈনুৱেল মৈক্ৰোই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে।প্ৰাপ্ত খবৰ অনুসৰি এই আলোচনাত ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ বৈঠকৰ বিষয় আলোচনা কৰা হয়।
ইয়াৰোপৰি তুৰ্কী ৰাষ্ট্ৰপতিৰ সৈতেও ৰবিবাৰে বাৰ্তালাপ কৰে পুটিনে আৰু কয় যে ইউক্ৰেইনে ৰাছিয়াৰ চৰ্ত মানিলে যুদ্ধ সমাপ্ত কৰিব।লগতে এয়াও কয় যে চৰ্ত পুৰণ নকৰিলে তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিব।
উল্লেখ্য যে, ১০ দিনৰো অধিক দিন ধৰি তলি আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। এই যুদ্ধৰ ফলত ইউক্ৰেইনৰ বহু চহৰ ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে বিশ্ব অৰ্থনীতিটো বাৰুকৈ প্ৰভাৱ পেলাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/d1YzDhH
via IFTTT
Comments
Post a Comment