বটদ্রৱা থানত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। এই বছৰো ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে।
ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ সমিতি গঠন কৰা হৈছে। শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে। অহা ১৭ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হ’ব। স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ’ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব।
ইয়াৰ পাছদিনা অথাৎ ১৮ ৰ্মাচ ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেই উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললে যাত্রা কৰিব।
দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ১৮, ১৯ আৰু ২০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত , উপসভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ শইকীয়াই জানিবলৈ দিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i5oRlKP
via IFTTT
Comments
Post a Comment