বাইহাটাত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, দুমুনিচকীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ পিয়লিখাতাত নিশা সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা। চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত পিয়লিখাতাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত এজন যুৱক আৰু এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৱাহাটীৰ দিশৰ পৰা এখন বাইকত গৃহভিমুখে আহি আছিল যুৱক আৰু যুৱতী গৰাকী।

তেনে সময়তে বিপৰীতমুখী এখন মাল পৰিবাহী টাটা ডি আই বাহনৰ সৈতে বাইকখনৰ সংঘৰ্ষ হয়। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চিটিকি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত দুয়ো যুৱক যুৱতী বাক্সা জিলাৰ চৰাইমাৰীৰ গুণদীপ দত্ত আৰু জোনাকী দত্ত বুলি জানিব পৰা গৈছে।

সেই সময়ত উপস্থিত থকা স্থানীয় লোকে ততাতৈয়াকৈ ১০৮ এম্বুলেন্স যোগে তোলাৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা টাটা ডি আইখন চালকে লৈ পলায়ন কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LphIf2l
via IFTTT

Comments