বকোত নিশা অগ্নিকাণ্ড সংঘটিত, ৫খনকৈ দোকান জুইত ভষ্মীভূত…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত আজি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডত ৫খনকৈ দোকান ভষ্মীভূত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে।ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ছমৰীয়া বাছ ষ্টপেজত নিশা প্ৰায় ১ বজাত চাহ দোকান এখনৰ পৰা জুই লাগি ৫খনকৈ দোকান ভষ্মীভূত হয় ।স্থানীয় সূত্ৰ এটাই প্ৰকাশ কৰা মতে চাহ দোকানখনৰ চৌকাত সেক দি থোৱা খৰিত জুই লাগি সেই জুই চাৰিয়োফালে বিয়পি পৰে ।
জুই জ্বলি ভষ্মীভূত হোৱা দোকানৰ এখন চাইকেল দোকান, এখন গেলামাল দোকান, এখন হাৰ্ডৱেৰ দোকান আৰু এখন মনোহাৰী দোকান। আনহাতে চাহ দোকানখনো জুইত ভষ্মীভূত হৈছে।বাছষ্টপেজত থকা অইন অইন দোকানবোৰলৈ জুই বিয়পি পৰাৰ আগতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীলৈ গৈ জুই নুমুৱাবলৈ সক্ষম হয় ।
জুইত ২০লক্ষ টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি ছমৰীয়া বাছষ্টপেজৰ ব্যৱসায়ী সমিতিৰ সভাপতিয়ে দাবী কৰিছে ।বিয়লি স্থানীয় বিধায়িকা সহ কংগ্ৰেছী দল এটাই ছমৰীয়া বাছ ষ্টপেজত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pezkuXW
via IFTTT
Comments
Post a Comment