চিৰাঙত ৮৩ কেজি পহুৰ মাংসৰ সৈতে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, চিৰাংঃ বিশেষ সুত্ৰৰ পোম খেদি আজি চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ দমদম বজাৰ এলেকাত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানে অভিযান চলাই দুজন চোৰাংচিকাৰীৰ লগতে চোৰাং চিকাৰ কাৰ্য্যত ব্যবহৃত বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী সহ ৮৭ কিলোগ্ৰাম পহুৰ মাংস উদ্ধাৰ কৰে ।
আটকাধীন চোৰাং চিকাৰী দুজনক বিজনী থানাৰ অন্তৰ্গত কুমাৰশালী এলেকাৰ সৌৰাং নাৰ্জাৰী (১৮) আৰু ডিমাঝোৰা গাঁৱৰ ৰংগালু বসুমতাৰী (১৮) বুলি চিনাক্ত কৰা হৈছে । আটকাধীন চোৰাং চিকাৰী দুজনৰ লগতে জব্দ কৰা সামগ্ৰী খিনি কুকলং ৰেঞ্জ অফিচত গতাই দিয়ে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AjeCTBL
via IFTTT
Comments
Post a Comment