ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে জেহাদী,অসমক ভাল পালে ভাৰতকো পাব লাগিব- মুখ্যমন্ত্ৰী

 

ডিজিটেল ডেস্ক: অসমত সক্ৰিয় জেহাদী। বৰপেটাত শনিবাৰে গ্ৰেপ্তাৰ হয় ৫ জনকৈ জেহাদী।এই গ্ৰেপ্তাৰৰ পাছতেই ৰবিবাৰে ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। তেওঁ কয় যে খুব ডাঙৰ মডিউল এটা অসম আৰক্ষীয়ে ধৰিব পাৰিছে।এই দিশত আৰু বহুত কৰিব লগীয়া আছে। আমাৰ হাতত থকা তথ্য মতে আৰু কেইবাটাও মডিউল অসমত সক্ৰিয় হৈ আছে। অসম আৰক্ষীৰ এই সাফল্যক বৃহত সাফল্য আখ্যা মুখ্যমন্ত্ৰী গৰাকীৰ।

তেওঁ কয় যে আঞ্চলিকতাবাদ বুলি কোনো আদৰ্শ নাই। অসমক ভালপোৱা এটা আদৰ্শ আছে।অসমক ভাল পালে ভাৰতকো ভাল পাব লাগিব।তেতিয়াহে আমি বিশ্বৰ বৰসভাত নিজক চিনাকী দিব  পাৰিম।আঞ্চলিকতাবাদ, জাতীয়তাবাদ একোটা শব্দহে।

উল্লেখ্য যে, শনিবাৰে বৰপেটাত গ্ৰেপ্তাৰ হৈছিল অল কায়দাৰে জড়িত বাংলাদেশী জেহাদীয়ে ।বৰপেটাত ঘাটি পাতি ৰাজ্যত পেলাইছে জেহাদৰ জাল ৷ ইয়াৰে বাংলাদেশী অল কায়দা জেহাদী সুমনে বিজনীত পাতিছিল বিয়া ৷ অলকায়দা জেহাদী সুমনৰ আছে এটা সন্তানো ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/prZ5Vj0
via IFTTT

Comments