অসমৰ গঁড় সুৰক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু ৰক্তদানৰ উদ্দেশ্যেৰে গৌৰী শংকৰ কলিতাৰ অসম পদ যাত্ৰা

ডিজিটেল ডেস্ক: যিটো সময়ত অসমৰ একাংশ যুৱক যুৱতীয়ে ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য আদিৰ প্ৰতি আসক্ত হৈ নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি নিছে । কিন্তু তেনে সময়তে অসমৰ গঁড় সুৰক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু ৰক্তদানৰ উদ্দেশ্যেৰে দৰং জিলাৰ উদীয়মান যুৱক গৌৰী শংকৰ কলিতাই পদ যাত্ৰাৰে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ যাত্ৰা কৰি সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰি ফুৰিছে। আনহাতে তেওঁৰ উদ্দেশ্যৰ প্ৰতি সঁহাৰি আৰু সহযোগিতা আগবঢ়াবলৈ অসমবাসীক আহ্বানো জনাইছে।
২০২১ বৰ্ষৰ ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা পদ যাত্ৰাৰে কলিতাই অসমৰ ২৩ খনতকৈও অধিক জিলা অতিক্ৰম কৰি ইতিমধ্যে পশ্চিম কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰিছে আৰু এনেদৰে তেওঁ অসমৰ ৩৫ খন জিলাতে যাত্ৰা কৰি সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে।
উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হোৱাৰ পাছতে খেৰণিত কলিতাক প্ৰথমে খেৰণি সাংবাদিক সন্থাই কাৰ্বি মাফলাৰে সম্বৰ্ধনা আৰু জিলাখনলৈ স্বাগতম জনোৱাৰ বিপৰীতে খেৰণি কলা কেন্দ্ৰ আৰু বজাৰ সমিতিয়ে গামোচা আদিৰে সম্বৰ্ধনা জনায় কলিতাক। গুৰুত্বপূ্ৰ্ণ যে ইয়াৰ পূৰ্বেও কলিতাই গুৱাহাটীৰ খানাপাৰৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈও পদ যাত্ৰা কৰি সফল হৈছিল বুলিও জানিবলৈ দিয়ে গৌৰী শংকৰ কলিতাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i0DBVWJ
via IFTTT
Comments
Post a Comment