দুবাৰকৈ অনুষ্ঠিত হ’ব JEE মেইনৰ পৰীক্ষাঃ প্ৰকাশ পালে সূচী….

ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষৰ জে ই ই পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এন টি এ) এইবাৰ দুবাৰকৈ অনুষ্ঠিত কৰিব জে ই ই মেইন পৰীক্ষা। ইয়াৰে প্ৰথম ছিজনৰ পৰীক্ষা এপ্ৰিলত আৰু দ্বিতীয় ছিজনৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।

প্ৰকাশিত সূচী অনুসৰি জে ই ই মেইন-২০২২ ৰ বাবে আবেদন প্ৰক্ৰিয়া ১ মাৰ্চ ২০২২ আৰু প্ৰথম পৰীক্ষাৰ বাবে জে ই ই মেইন আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ। নেচনেল টেষ্টিং এজেন্সীয়ে জে ই ই মেইন-২০২২ৰ তাৰিখ ঘোষণা কৰাৰ সময়ত কয় যে, প্ৰথম ছিজন ১৬ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত আৰু দ্বিতীয় ছিজন ২৪ মে’ৰ পৰা ২৯ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DwyROP8
via IFTTT

Comments