জি এন আৰ চিক SAMRIDHৰ ফালৰ পৰা ১.২ নিযুত আমেৰিকান ডলাৰৰ সাহায্য

ডিজিটেল ডেস্কঃ কোভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰস্তুতি আৰু স্বাস্থ্য সেৱা ত্বৰাম্বিত কৰিবলা জি এন আৰ চি চিকিৎসালয়ক ইউএছএইড সমৰ্থিত সমৰিধ (SAMRIDH- Ssustainable Access to Markets and Resources for Innovative Delivery of Healthcare) স্বাস্থ্য সেৱা মিশ্ৰিত বিত্তীয় সুবিধাৰ বাবে ১.২ নিযুত আমেৰিকান ডলাৰৰ সাহায্য প্ৰদান কৰা হৈছে। এই বিত্তীয় সহায়ে জি এন আৰ চিৰ স্বাস্থ্য় মিত্ৰ কাৰ্যসূচী (স্বাস্থ্য বাৰ্তাবাহক) আৰু বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ শক্তি বৃদ্ধি কৰি কোভিডৰ তৃতীয় ঢৌৰ প্ৰতিৰোধ ব্যৱস্থাক শক্তিশালী কৰিছে।
এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জি এন আৰ চিয়ে এই বিষয়ত কয় যে, 2020 চনত ইউএছএআইডি, আইসিই গ্লোবেল, আৰু ভাৰত চৰকাৰ, শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰসকলে বজাৰ-আধাৰিত স্বাস্থ্য সুৰক্ষা ব্যৱস্থাৰ সৃষ্টি আৰু দ্রুতগতিত প্ৰসাৰ কৰাৰ বাবে ৰাজহুৱা আৰু জনহিতকৰ পুঁজিৰ সৈতে বাণিজ্যিক মূলধন একত্রিত কৰাৰ এক অভিনৱ “সমৰিধ” স্বাস্থ্যসেৱা ব্লেন্ডেড ফাইনেন্স সুবিধা বিকশিত কৰিছে। অসমৰ বহু বিশিষ্ট বিভাগীয় হাস্পতাল শৃংখলা জিএনআৰচিক এই সমধি ব্যৱস্থাই ১.২ নিযুত আমেৰিকান ডলাৰৰ পুঁজিৰে সহায় কৰিছে।
এই অংশীদাৰিত্বৰ জৰিয়তে জিএনআৰচিয়ে কেৱল বৰ্তমানৰ কোভিড-১৯ মহামাৰীৰ বাবেই নহয়, ভৱিষ্যতৰ স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ বাবেও ভাৰত চৰকাৰৰ মুখ্য স্বাস্থ্য নিশ্চয়তা কার্যসূচী আয়ুষ্মান ভাৰত-পিএমজেএৱাই আৰু অটল অমৃত অভিযান আঁচনিৰ অধীনত আগবঢ়োৱা উচ্চ মানদণ্ডৰ স্বাস্থ্য সেৱাৰ প্ৰসাৰ বৃদ্ধি কৰি প্রস্তুতি শক্তিশালী কৰিছে। জিএনআৰচি স্বাস্থ্য মিত্র কার্যসূচীয়ে ‘সমৰিধ (SAMRIDH)’ৰ সহযোগত হিতাধিকাৰীসকলে প্রয়োজন হ’লে কমেও ৩৫ ৰ পৰা ৪০ শতাংশ চিকিৎসালয়ৰ বিচনাৰ সুবিধা প্রাপ্ত কৰাটো নিশ্চিত কৰিছে।
মাস্ক ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব বজাই ৰথা, হাতৰ পৰিচ্ছন্নতা সুৰক্ষিত কৰা, কোভিড-১৯ টিকাকৰণৰ লাভালাভ বুজি পোৱাৰ গুৰুত্বৰ বিষয়ে গ্রাম্য জনসাধাৰণৰ মাজত সজাগতা বিয়পোৱা; আৰু পিছপৰা সম্প্রদায়বোৰক কোভিড-১৯ সংক্রমণৰ বিষয়ে শিক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিছে । জিএনআৰচি স্বস্থ্য মিত্ৰসকলক কোভিড-১৯ লক্ষণ থকা ৰোগী চিনাক্ত কৰিবলৈও প্রশিক্ষণ দিয়া হয় আৰু তেওঁলোকে ৰোগীসকলৰ পৰীক্ষা কৰা, ট্রেকিং, নিলগীকৰণ কৰা, আৰু চিকিৎসাৰ সুবিধাৰ বাবে স্থানীয় জনস্বাস্থ্য কর্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আহিছে।।
উচিত সময়ত পোৱা ‘সমৰিধ (SAMRIDH)’ৰ সমৰ্থনৰ ফলত জিএনআৰচিয়ে কোভিড-১৯ৰ তৃতীয় ঢৌৰ মোকাবিলা কৰিবলৈ এক কার্যকৰী আৰু সফল আঁচনি প্ৰদান কৰিবলৈ সক্ষম হৈছে। আজিলৈকে, জিএনআৰচিয়ে কোভিড-১৯ ৰোগীসকলক সহায় কৰিবলৈ ৩২ খন বিচনা যুক্ত ৱাৰ্ডৰ ব্যৱস্থা কৰিছে। যাৰ ভিতৰত ‘দিছপুৰ’, ‘ছয় মাইল’ আৰু ‘উত্তৰ গুৱাহাটী’ৰ চাৰিটা গোটত থকা ১৫০ থন আইচিইউ বিচনাও অন্তর্ভুক্ত। এই সাহায্যই জিএনআৰচিক দিছপুৰস্থিত ‘গুড হেলথ’ গোটটোক সম্পূৰ্ণৰূপে কাৰ্যকৰী কোভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰ কৰিবলৈ সক্ষম কৰে, যি সম্পূৰ্ণৰূপে ভেন্টিলেটৰ আৰু প্ৰয়োজনীয় অক্সিজেনৰ সুবিধাৰ লগতে কোভিড-১৯ ৰোগীৰ সঠিক ব্যৱস্থাপনাৰ বাবে অন্যান্য কাৰিকৰী সঁজুলিৰেও সজ্জিত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HnRF3s2
via IFTTT
Comments
Post a Comment