পৰিবহণ বিভাগৰ অভিযানত মহানগৰীত থৰকাছুটি হেৰুৱাইছে যান-বাহন কৰ অনাদায়ী স্বত্বাধিকাৰীয়ে…

ডিজিটেল সংবাদ, গুৱাহাটী: কৰ ফাঁকিৰে ৰাজপথত চলাই থকা গাড়ীৰ বিৰুদ্ধে নিতে নতুন কৌশলেৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা অভিযানত থৰকাচুটি হেৰুৱাইছে কৰ অনাদায়ী বাহনৰ মালিককে ধৰি যানবাহন ব্যৱহাৰকাৰী বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।
সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আজি বিভাগৰ দলে চলোৱা অভিযানত বিগত সময়চোৱাত যানবাহনৰ কৰ আদায়ৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কৰফাকিৰে গাড়ী চলাই থকাৰ তথ্য ফাদিল হোৱাত ২৭খনকৈ গাড়ীৰ মালিকৰ বিৰুদ্ধে ঠিতাতে গোচৰ তৰাৰ লগতে ই-চালান প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে পৰিবহণ বিভাগৰ পৰা চলোৱা অভিযানত সচকিত হৈ বহু বাহনেই কৰ আদায় নিদিয়াৰ কথা স্বইচ্ছাই প্ৰকাশ কৰাৰ লগতে এয়াযে এক অপৰাধ সেই কথা স্বীকাৰ কৰি বিভাগৰ কাৰ্যালয়লৈ কৰ পৰিশোধৰ বাবে ৰাওনা হয় ৷
অভিযানকাৰী দলে আজি চানমাৰি, জুৰোড অঞ্চলৰ বামুনীমৈদাম, গীতানগৰ, সুন্দৰপুৰ, ভাস্কৰ নগৰ আদি বিভিন্ন ঠাইত অভিযান চলাই ৷ অভিযানৰ সময়ত ব্যক্তিগত মালিকানাধীন বাহন, বিভিন্ন উদ্যোগ আৰু নিৰ্মাণকাৰী সংস্থাৰ লগতে বিশেষকৈ জুৰোডৰ সুন্দৰপুৰ আৰু ৰুক্মিণী গাৱৰ দুটাকৈ ব্যক্তিগত উদ্যোগৰ কৰ অনাদায়ী ৪১খনকৈ বাহনৰ শীঘ্ৰে কৰ পৰিশোধৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YdHj7FR
via IFTTT
Comments
Post a Comment