ঢকুৱাখনাত লুইতৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টন ১০ কোটি…

ডিজিটেল সংবাদ:ঢকুৱাখনা:  বৰ লুইতৰ শিহৰণকাৰী আগ্ৰাসনৰ স্থায়ী প্ৰতিৰোধৰ বাবে অৱশেষত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে।  বিগত প্ৰায় এটা দশক ধৰি  বৰলুইতৰ জলধাৰাই  ঢকুৱাখনা আৰু মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ  চিচি-টেকেলিফুটা মথাউৰীৰ  নদী পাৰৰ বিভিন্ন অংশত  শিহৰণকাৰী গৰাখহনীয়া সৃষ্টি কৰি  নদীপৰিয়াৰ বিস্তৰ ঘৰ বাৰী ,কৃষি ভূমি  গৰ্ভস্থ কৰি আহি চিচি টেকেলিফুটা মথাউৰীলৈ চৰম ভাবুকি নমাই আনিছিল।

ঢকুৱাখনাবাসীৰ লগতে  ঢকুৱাখনা জলসম্পদ বিভাগৰো নিদ্ৰা হৰণকাৰী এই  ভয়াবহ আগ্ৰাসন  স্থায়ী প্ৰতিৰোধৰ বাবে দল মত নিৰ্বিশেষে ৰাইজ  একত্ৰিত হৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীজুছ হাজৰিকাক তাৎক্ষণিক কার্যব্যৱস্থা গ্ৰহণৰ বাবে আবেদন নিবেদন কৰি আহিছিল।  ভুক্তভোগী ৰাইজৰ দাবী আৰু মিচিং জাতীয় সংগঠনৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে  চলিত বৰ্ষত প্ৰায় ১০ কোটি টকা আৱন্তন দিছে ।

ৰাজ্য চৰকাৰৰ  এছ অ পি দি (এফ দি আৰ) শিতানত আবন্তিত এই ১০ কোটি পুঁজিৰে বান্দেনাৰ পৰা বাঘচুক পৰ্যন্ত সমগ্ৰ খহনীয়া বিদ্ধস্ত  নদীপৰিয়া এলেকা আৰ চি চি পৰ্কিউপাইন আৰু জিও বেগৰ প্ৰতিৰোধ আঁচনি ৰূপায়িত কৰিব ঢকুৱাখনা জলসম্পদ বিভাগে ।  এটা দীৰ্ঘদিনীয়া জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ এনে সদিচ্ছাৰ সমান্তৰাল ভাৱে আঁচনিখনৰ সফল আৰু নিখুঁত ৰূপায়নৰ বাবে বৃহস্পতি বাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় বান্দেনা তিনি আলিত  । 

ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু , কণিষ্ঠ অভিযন্তা প্ৰকাশ গগৈ ,  নিৰঞ্জন পেগু আদিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে  সৰ্বেশ্বৰ দলেয়ে। দল মত নিৰ্বিশেষে ৰাইজ উপস্থিত থকা সভাত জলসম্পদ বিভাগে আঁচনিখনৰ সফল ৰূপায়নত সৰ্বশ্ৰেণী ৰাইজৰ  নিঃস্বাৰ্থ সহায় সহযোগিতা আৰু আন্তৰিকতা  কামনা কৰে ।

ভুক্তভোগী ৰাইজ আৰু বিভিন্ন দল ,সংগঠনৰ নেতৃবৰ্গই অংশ গ্ৰহণ কৰা ৰাজহুৱা সভাত  জলসম্পদ বিভাগে জৰুৰী ভাবে এই আঁচনিৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দি  ৰাইজৰ জীৱন সম্পত্তি আৰু ভৌগোলিক অস্তিত্বৰ স্থায়ী  সুৰক্ষাকাৰী এই আঁচনিখন সৰ্বতো প্ৰকাৰে নিখুঁত আৰু সঠিক ৰূপায়ন কৰাত প্ৰতিগৰাকী  ভুক্তভোগী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰে। 

সভাত মনোজ দলে , সুৰেশ দলে , মোহন পেগু , অমৃত দলে ,দিপাঞ্জল দলে, ব্ৰিগেন দলে ,মুখ্য নাথ দলে ,জিতেন পেগু , জ্যোতিষ পেগু অমৰজিত দলে আদিয়ে জলসম্পদ বিভাগৰ জৰিয়তে নিৰ্মান হব লগীয়া আঁচনিখন সঠিক ৰূপায়নত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে অচিৰেই আঁচনিখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিব আৰু পৰৱৰ্তী সময়ত দ্ৰুত গতিত প্ৰতিৰোধ কাৰ্য আৰম্ভ কৰিবলৈ সাজু বুলি  জলসম্পদ বিভাগে জানিবলৈ দিলে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5rCqox8v1
via IFTTT

Comments