১৪.৮৪ কোটিক লৈ সংঘাতঃ দুই বিজেপি শিবিৰৰ মাজত অব্যাহত আছে যুঁজ…

ডিজিটেল সংবাদ , নগাঁও: বিজেপিৰ দখলত থকা নগাঁও জিলা পৰিষদৰ সভাপতিৰ আসনখনক লৈ সৃষ্টি হোৱা অচলাৱস্থা অব্যাহত আছে। অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত নগাঁও জিলা পৰিষদৰ সভাপতি আসন খনত সম্প্ৰতি কলিয়াবৰ মহকুমাৰ ২৬ নং পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মুনমণি দাস বৰাই কাৰ্যনিৰ্বাহ কৰি আছে যদিও দলীয় চুক্তি অনুসৰি আঢ়ৈ বছৰ কাল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত উক্ত চকীখন ২৩ নং চামগুৰি জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি ৰীতা কাকতি বৰাক চমজাই দিব লাগে।
কিন্তু আঢ়ৈ বছৰ কাল অন্ত পৰাৰ পাছতো মুনমণি দাস বৰাই সভাপতি আসন এৰি দিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্ট হৈ পৰিছে গেৰুৱা দলটোৰে একাংশ সদস্য ।জানিব পৰা মতে নগাঁও জিলা পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মুনমণি দাস বৰাই আগন্তুক দুই তিনি মাহলৈকে চকী এৰিবলৈ কোনো পধ্যেই মান্তি নহয়। যাৰ বাবে মুনমণি দাস বৰা আৰু ৰীতা কাকতি বৰাৰ মাজত সভাপতি আসনখনক কেন্দ্ৰ কৰি তুমুল যুদ্ধ আৰম্ভ হৈছে। আনকি, দ্বিতীয়বাৰৰ বাবে এই লৈ মুন মণি দাস বৰা আৰু ৰীতা কাকতী বৰাৰ দুই পক্ষৰ মাজত জিলা পৰিষদৰ কাৰ্যালয় চৌহদত তীব্ৰ কাজিয়াৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
২৯ খন আসন বিশিষ্ট নগাঁও জিলা পৰিষদত বিজেপি দলৰ -১৩ জন, কংগ্ৰেছ দলৰ-৮জন, অগপ- ৫জন আৰু এ আই ইউ ডি এফ দলৰ- ৩ জন নিৰ্বাচিত সদস্য আছে। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত বিজেপি-অগপ দলে পৰিষদ খন গঠন কৰে আৰু বিজেপি দলৰ চামগুৰি জিলা পৰিষদ সমষ্টিৰ ( অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) পৰা নিৰ্বাচিত ৰীতা কাকতি বৰাক বিধি অনুসৰি সভাপতি পাতিব লাগে যদিও অদৃশ্য শক্তিৰ বলত মুনমণি দাস বৰাক সভাপতি মনোনীত কৰে। আঢ়ৈ বছৰ মুনমণি দাস বৰাই আৰু বাকী আঢ়ৈ বছৰ ৰীতা কাকতি বৰাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি গেৰুৱা দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰে।
সেই অনুসৰি মুনমণি দাস বৰাই আঢ়ৈ বছৰ কাল ইতিমধ্যে অন্ত পেলাই এতিয়া ৰীতা কাকতি বৰাক দায়িত্ব অৰ্পণ কৰিব লাগে। কিন্তু মুনমণি দাস বৰাই এই মূহুৰ্তত সভাপতি আসনখন এৰি দিবলৈ মান্তি নহয়। ইয়াৰ অন্তৰালত এক গোপন ৰহস্য পোহৰলৈ আহিছে। কেৱল ধন ভাগ বটোৱাৰাক লৈ কন্দল অব্যাহত আছে নগাঁও জিলা পৰিষদত। পঞ্চাদশ বিত্তীয় আয়োগৰ মুঠ আবন্টিত পুজি ১৪ কোটি ৮৪ লাখ ৯ হাজাৰ টকাক কেন্দ্ৰ কৰিয়েই এই কন্দলৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি- পঞ্চম বিত্তীয় আয়োগে নগাঁও জিলা পৰিষদলৈ ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিৰ ক্ৰমে- ১কোটি৭৭ লাখ,২কোটি ৬৬ লাখ আৰু ২ কোটি ৯৯ লাখ টকা মুঠ ৭কোটি ৪২ লাখ টকা আবন্টন দিয়ে।
ইয়াৰ উপৰিও ইয়াৰ দ্বিতীয় কিস্তিৰো একে পৰিমাণৰ ধন অৰ্থাৎ ১৪ কোটি ৮৪লাখ টকা চলিত মাহত নগাঁও জিলা পৰিষদৰ ৰাজকোষত সোমাব। এই বিশাল ধন ৰাশি এতিয়া কিদৰে জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত সদস্য সকলক ভাগ বটোৱাৰা কৰিব তাকেই লৈ সংঘাত আৰম্ভ হোৱাৰ সমান্তৰাল ভাৱে বিশাল ধন ৰাশি ভাগ কৰাৰ সময়খিনিত যাতে মুনমণি দাস বৰাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকে তাৰ বাবে সকলো পৰিকল্পনা যুগুত কৰিছে মুনমণি ফৈদি ৷ সভাপতিৰ আসনখন এৰি দিব লগা হ’লেও ধন ৰাশি ভাগ কৰাৰ পাছতহে চকী এৰি দিয়াৰ ইচ্ছা মুনমণি দাস বৰাৰ।
আনহাতে, মুনমণি দাস বৰাৰ গ্ৰুপটোৱে জিলা পৰিষদৰ সাধাৰণ পৰিষদৰ কোনো সভা অনুষ্ঠিত নকৰাকৈ বিজেপিৰ একাংশ সদস্যক ৫০ লাখ আৰু বাকী সকলক আনকি অগপৰ সদস্যসকলকো মাত্ৰ ৩৫ লাখকৈ দিয়াৰ গোপন প্ৰস্তুতি চলাইছে। উল্লেখ্যযোগ্য যে- কেইদিনমান পূৰ্বে সাধাৰন পৰিষদৰ সভাখন অনুষ্ঠিত কৰিবলৈ ১৮জন সদস্যই স্বাক্ষৰ কৰি মুখ্য কাৰ্যবাহী বিষয়াক এক লিখিত আবেদন দিছিল। অজ্ঞাত কাৰণত উক্ত সভাখন বৰ্তমানলৈকে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে আহ্বান কৰা নাই । নিয়ম অনুসৰি জনসংখ্যা আৰু এলেকা ভিত্তিত পুজি ভাগ কৰিব লাগে। এতিয়া এই বিশাল ধন ৰাশি ভাগ বটোৱাৰা কৰাৰ বাবেই নগাঁও জিলা পৰিষদৰ অভ্যন্তৰত সংঘাত তীব্ৰতৰ হৈ পৰিছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TVIlkfEN8
via IFTTT
Comments
Post a Comment