মানকাচৰৰ ৫গৰাকী শিক্ষিত উদ্যমী যুৱকৰ সেউজ বিপ্লব…

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ পাঁচ গৰাকী শিক্ষিত উদ্যমী যুৱকৰ সেউজ বিপ্লব । বগৰী খেতি আৰু পশু পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনক কৰ্ম সংস্থাপন দিয়াৰ নিদৰ্শন দাঙি ধৰিছে যুৱক কেইজনে। ফাইভ ষ্টাৰ লাইভষ্টক নামৰ এটা বেচৰকাৰী সন্থা মুকলি কৰি আৰম্ভ কৰিছে কৃষি আৰু পশু পালনৰ কাম।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ বৈন্যাপাৰাত জহিৰুল ইছলামৰ নামৰ বেচৰকাৰী শিক্ষক জনৰ নেতৃত্বত পাঁচ গৰাকী শিক্ষিত যুৱকে আৰম্ভ কৰিছে ফাইভ ষ্টাৰ লাইভষ্টক নামৰ এটা ফাৰ্ম। বিগত প্ৰায় ২০ বছৰ পূৰ্বে জহিৰুল ইছলাম বিএছচি পাছ কৰি এখন ভেঞ্চাৰ স্কুলত শিক্ষক হিচাপে কৰ্মত যোগদান কৰিছিল।
বিদ্যালয় খনৰ আন শিক্ষকৰ পদ প্ৰদেশীকৰণ হল যদিও তেওঁৰ পদটো প্ৰদেশীকৰন নোহোৱাত নিজে স্বাৱলম্বী হোৱাৰ বাবে সঘনে youtube ৰ পৰা পৰামৰ্শমূলক ভিডিঅ চাই আহিছিল তেওঁ। Youtube ৰ ভিডিঅ চাই যোৱা বছৰ তেওঁলোক এই ফাৰ্ম মুকলি কৰি প্ৰায় আঢ়ৈ লাখ টকা খৰচ কৰি বগৰী খেতি আৰম্ভ কৰে। ইতিমধ্যে এইবেলি প্ৰায় ২ লাখ টকাৰ বগৰী বিক্ৰী কৰাৰ লগতে আৰু প্ৰায় ৪ লাখ টকাৰ বগৰী বিক্ৰী কৰিব পাৰিব বুলি ফাৰ্মৰ গৰাকী কেইজনে ধাৰণা কৰিছে। বগৰী খেতিৰে ফাৰ্ম খন প্ৰথম বছৰতে ভালে খিনি লাভাম্বিত হৈছে।
ইফালে এই বগৰী খেতিৰ উপৰিও ফাৰ্ম খনৰ জৰিয়তে এইবেলি তেওঁলোকে আৰম্ভ কৰিছে পশু পালন। ৩৫ টা বিভিন্ন প্ৰজাতিৰ ছাগলী, দুটা গৰু পালন কৰিছে ফাৰ্ম খনে। প্ৰতিদিনে গৰু দুটাৰ পৰা প্ৰায় ৩০ লিটাৰ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ফাৰ্ম খনে। ইতিমধ্যে ফাৰ্ম খনত পাঁচ জন লোকক কৰ্ম সংস্থাপন দিয়াত লগতে অনাগত দিনত ফাৰ্ম খনৰ জৰিয়তে যাতে শতাধিক লোকক কৰ্ম সংস্থাপন দিব পাৰে তাৰ বাবে প্ৰকল্প হাতত লোৱাৰ কথা প্ৰকাশ কৰিছে ফাৰ্মৰ কৰ্ম কৰ্তা সকলে।
চৰকাৰী ভাবে ফাৰ্ম খনক আৰ্থিক ভাৱ সহায় কৰিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হব বুলি ফাৰ্মৰ সভাপতি জনে মত প্ৰকাশ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dXy01Fb
via IFTTT
Comments
Post a Comment