লেখাপানীত কয়লা সৰবৰাহ কৰিবলৈ অহা পাঞ্জাৱ বডী ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত কন্যা শিশু…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। লেখাপানী ৩১৫ নং ৰাষ্টীয় ঘাই পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি ৬ বছৰীয়া কন্যা শিশু। প্ৰাপ্ত খবৰ অনুসৰি লিডুৰ পৰা জাগুন দিশলৈ তীব্ৰ বেগে গৈ থকা এখন পাঞ্জাৱ বডী ট্ৰাক(এছ ০১ ডিডি ১৯৫৭)ৰ খুণ্ডাত ৰিতিকা কৰ্মকাৰ নামৰ শিশুটি থিতাতে নিহত হয়।

লেখাপানী গোমা মন্দিৰৰ সমীপৰ ঘৰৰ সমুখত খেলি থকা অৱস্থাত শিশুটিয়ে ঘাইপথটো পাৰ হওতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ চালকে আত্মসমৰ্পন কৰে লেখাপানী আৰক্ষী থানাত। অন্যহাতে এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি পাঞ্জাৱ বডী ট্ৰাকখনে অবৈধ কয়লা সৰবৰাহ কৰিবলৈ আহিছিল। শিশুটিৰ মৃত্যুত ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে লেখাপানী আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Ml9wJce
via IFTTT

Comments