বেজৰ নাকতে খৰ! মহিলাৰ পৰা ২০ লাখ টকা লুটি দিছপুৰ আৰক্ষীৰ জালত হাতীগাঁও থানাৰ ২ এছ আই, দিছপুৰ থানাৰ হোমগাৰ্ড

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুই আৰক্ষী বিষয়াৰ লগতে এগৰাকী গৃহৰক্ষী জোৱানক। জানিব পৰা মতে, মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লুটি নিয়াৰ অভিযোগত আটক কৰা হৈছে আটাইকেইজন লোককে। উল্লেখ্য যে, আটক কৰা আৰক্ষী বিষয়াকেইজন হৈছে হাতীগাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক জন পাথৰি আৰু প্ৰাঞ্জল বৰা। ইফালে দিছপুৰ থানাৰ গৃহৰক্ষী জোৱানজন হৈছে বিপুল হাজৰিকা।
প্ৰাপ্ত খবৰ অনুসৰি মিজোৰামৰ মহিলা গৰাকীৰ পৰা আৰক্ষী বিষয়াকেইজনে ২০ লাখ টকা কাঢ়ি লৈছিল। মহানগৰীৰ হোটেল তাজৰ সন্মুখত এই ঘটনা সংঘটিত হৈছিল। ইফালে মহিলাগৰাকীৰ বিৰুদ্ধেও উঠিছে গুৰুতৰ অভিযোগ। জালনোট সৰবৰাহকাৰীৰে সৈতে মহিলাগৰাকীৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি মহিলাগৰাকীয়ে এজন লোকৰ সৈতে জালনোট সৰবৰাহকাৰীক টকাখিনি দিবলৈ আহোতে এই ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে ২০ লাখ টকাৰ বিনিময়ত জালনোট সলনি কৰিবলৈ অহা বুলি জানিব পৰা গৈছে। ইফালে মহিলাগৰাকীৰ সন্মুখত নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি কৈ তিনিওজনে লুটি নিছিল টকাখিনি। মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা ইন’ভা বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।
The post বেজৰ নাকতে খৰ! মহিলাৰ পৰা ২০ লাখ টকা লুটি দিছপুৰ আৰক্ষীৰ জালত হাতীগাঁও থানাৰ ২ এছ আই, দিছপুৰ থানাৰ হোমগাৰ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LIStGe
via IFTTT
Comments
Post a Comment