দুসপ্তাহত ছুপাৰ-৩০য়ে উপাৰ্জন কৰিলে…
ডিজিটেল ডেস্কঃ বক্স অফিচত শেষ হোৱা নাই হিন্দী ছবি ছুপাৰ-৩০ৰ যাদু। মুক্তিৰ ২ সপ্তাহৰ পাছতো দেশৰ প্ৰায়বোৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে হৃতিক ৰোচন অভিনীত ছবি ছুপাৰ ৩০। ছবিখনত অভিনেতা সকলে কৰা দমদাৰ অভিনয় আৰু ছবিখনৰ বিষয়বস্তুয়ে ছবিখনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছে দৰ্শকসকলৰ। যোৱা শুকুৰবাৰৰ দিনটোতো ছবিখনে ২-৩ কোটি টকা উপাৰ্জন কৰিছে। ইতিমধ্যে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা ছুপাৰ ৩০ য়ে বৰ্তমানৰলৈকে ১১৫-১১৮ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
The post দুসপ্তাহত ছুপাৰ-৩০য়ে উপাৰ্জন কৰিলে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y6pNO4
via IFTTT
Comments
Post a Comment