উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে ২০ অধিবক্তাৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কলেজিয়ামৰ

ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ত খালী হৈ থকা ন্যায়াধীশৰ পদ পূৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বৃহস্পতিবাৰে ২০ গৰাকী অধিবক্তাৰ নাম সূচীবদ্ধ এখন তালিকা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। চৰকাৰৰ অনুমোদনৰ পিছত এই অধিবক্তা কেইগৰাকীক পঞ্জাৱ-হাৰিয়ানা, কলকতা, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব।

উচ্চতম ন্যায়ালয়ে ৱেবচাইট যোগে প্ৰকাশ কৰা অনুসৰি, দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশ এছএ বোবড়ে আৰু ন্যায়াধীশ এনবি ৰমানাৰ উপস্থিতিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কেইবাখনো উচ্চ ন্যায়ালয়ৰ খালী ন্যায়াধীশৰ পদত নিযুক্তি প্ৰদানৰ বাবে ৩৫ গৰাকী জ্যেষ্ঠ অধিবক্তাৰ নামৰ ওপৰত আলোচনা কৰছিল। কলেজিয়ামে এই অধিবক্তাকেইগৰাকীৰ ২০ গৰাকীৰ নাম বাচনি কৰি কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি, পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালৰ ন্যায়াধীশ পদৰ বাবে কলেজিয়ামে অধিবক্তা যশ গুৰুপ্ৰীত সিং পুৰী, সুবীৰ চহগল, গিৰীশ অগ্নিহোত্ৰী, অলকা চৰীণ আৰু কমল চহগলৰ নাম বাচনি কৰিছে। সেইদৰে কলকতা উচ্চ ন্যায়ালয়ৰ বাবে জয়তোষ মজুমদাৰ, অমিতেশ বেনাৰ্জী, ৰাজা বাসু চৌধুৰী, লপিতা বেনাৰ্জী, সাক্য সেন আৰু কৌশিক চন্দা, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ বাবে মহেন্দ্ৰ গোয়েল আৰু ফৰঞ্জদ আলী, অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বাবে আৰ ৰঘুনন্দন ৰাও, বি দেৱানন্দ, ডি ৰমেশ আৰু এন জয়সূৰ্যৰ নাম বাচনি কৰিছে উচ্চতম ন্যায়ালৰ কলেজিয়ামে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ বাবে বাচনি কৰা হৈছে টি বিনোদ কুমাৰ, এ অভিষেক ৰেড্ডী আৰু কে লক্ষ্মণৰ নাম।

ইফালে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ এক গোচৰৰ শুনানিকালত দেশত প্ৰায় ৫ হাজাৰ ন্যায়াধীশৰ পদ খালী হৈ থকা বুলি সদৰি কৰি ন্যায়ালয়ৰ এক বিচাৰপীঠে। যাৰ বাবে ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত পলম হোৱা পৰিলক্ষিত হয়। উচ্চতম ন্যায়ালৰ পীঠে এই সন্দৰ্ভত কয়, ‘আমি বিচাৰো যে এটা গোচৰৰ নিষ্পত্তি ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত সম্পূৰ্ণ হওক। যাৰ বাবে ন্যায়ালয়ৰ আন্তঃগাঁঠনি উন্নত কৰাৰ প্ৰয়োজন আছে।’ আনহাতে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ন্যায়ালয়ে।

The post উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে ২০ অধিবক্তাৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কলেজিয়ামৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MhrZem
via IFTTT

Comments